• Home
  • »
  • News
  • »
  • assam
  • »
  • Robber Arrested: ঘাইপথত ডকাইতিৰ উদ্দেশ্যে আহি থকা অৱস্থাত আৰক্ষীৰ তালাচীত জালত পৰিল ৫ দুৰ্ধৰ্ষ ডকাইত

Robber Arrested: ঘাইপথত ডকাইতিৰ উদ্দেশ্যে আহি থকা অৱস্থাত আৰক্ষীৰ তালাচীত জালত পৰিল ৫ দুৰ্ধৰ্ষ ডকাইত

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বহুকেইটা ডকাইতিৰ গোচৰ ইতিমধ্যে ৰুজু হৈ আছে থানাত

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বহুকেইটা ডকাইতিৰ গোচৰ ইতিমধ্যে ৰুজু হৈ আছে থানাত

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বহুকেইটা ডকাইতিৰ গোচৰ ইতিমধ্যে ৰুজু হৈ আছে থানাত

  • Share this:
মহানগৰীত বৃদ্ধি পাব ধৰা অপৰাধজনিত ঘটনাৰ মাজতে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা ৷ এখন অটোৰিক্সাৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰিবলৈ বুলি আহোঁতে যোৰাবাট আৰক্ষীৰ নাকা তালাচীত জালত পৰে  ৫দুৰ্ধৰ্ষ ডকাইত ক্ৰমে মণি কলিতা, লিবন বড়ো, হৰি চন্দ্ৰ দেৱবৰ্মন ,নাচিৰ আলি, বিকী ছেএী৷

ডকাইতকেইটাৰ পৰা জব্দ কৰে অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত টেবলেটসহ বহুকেইপদ আপত্তিজনক সামগ্ৰী। গ্ৰেপ্তাৰ হোৱা এই ৫টা ডকাইতৰ ভিতৰত মণি কলিতা আৰু বিকী ছেএীৰ বিৰুদ্ধে বহুকেইখন থানাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত বহুকেইটা ডকাইতিৰ গোচৰ ৰুজু হৈ আছে৷

সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা ৫ডকাইতৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত৷ গুৱাহাটীত শেহতীয়াকৈ সংঘটিত হোৱা ডকাইতিত এই ৫ ডকাইত জড়িত নেকি সেই দিশটোও চাই আছে আৰক্ষীয়ে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি