অহা কালি শিলচৰত অনুষ্ঠিত হ'ব ৰাজ্যিক মন্ত্ৰী সভাৰ কেবিনেট বৈঠক। ইতিমধ্যে এই বৈঠকক কেন্দ্ৰ কৰি সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কাছাৰ জিলা প্ৰশাসনে। এই কেবিনেট বৈঠকৰ অংগ হিচাপে বৈঠকৰ আগ দিনা অৰ্থাৎ আজি বৰাক উপত্যকাৰ তিনি জিলাত ৰাতিপুৱাৰ পৰা বিভিন্ন চৰকাৰী কামৰ বুজ লয় বিভিন্ন মন্ত্ৰীয়ে।
হাইলাকান্দি জিলাত আজি চৰকাৰী বিভিন্ন কামৰ পৰ্যালোচনাৰ বাবে উপস্হিত হয় বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, নিয়োগ, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘল, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস।
ৰাতিপুৱা প্ৰথমে শিলচৰ আৰু ইয়াৰ পিছতে হাইলাকান্দিত আহি উপস্থিত হয় মন্ত্ৰীসকল। হাইলাকান্দিত উপস্থিত হৈ বিভিন্ন আঁচনিৰ বুজ লোৱাৰ লগতে পৰ্যালোচনা সভাতো মিলিত হয় এওঁলোক।
ইপিনে, বৰাক উপত্যকাত নিৰ্মাণ হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে আজি ভূমি পৰিদৰ্শন কৰি আহিছে বুলি জনায় স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই । ইপিনে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত চলি থকা প্ৰধান মন্ত্ৰী আবাসকে ধৰি বিভিন্ন আঁচনি পৰিদৰ্শন কৰি দুখন জিলাত বিভাগে যথেষ্ট ভালকৈ কাম কৰি আছে বুলি উল্লেখ কৰে।
লগতে বিভাগত থকা সামান্য জাটিলতাসমূহ আগন্তুক ৩১ ডিচেম্বৰৰ ভিতৰতে সমাপ্ত কৰা হ'ব বুলি উল্লেখ কৰে। লগতে এনআৰচিৰ নাম নথকাৰ বাবে যিসকল প্ৰকৃত ভাৰতীয় ন্যায্য মূল্যৰ চাউল পোৱাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে আলোচনা চলি আছে বুলিও জনায় মন্ত্ৰী ৰঞ্জিত দাসে।
আনহাতে, প্ৰথমবাৰৰ বাবে একেই দিনতে ৫ গৰাকী মন্ত্ৰী হাইলাকান্দি জিলাত ভ্ৰমণ কৰাৰ বাবে কৃতজ্ঞতা ব্যক্ত কৰিছে মধ্য হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে। লগতে কাইলৈ ২৯ নৱেম্বৰৰ কেবিনেট বৈঠকত বৰাক উপত্যকাৰ বাবে কিবা এটা ভাল খবৰ আহিব বুলিও আশা প্ৰকাশ কৰিছে বিধায়ক লস্কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|