মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: ঐতিহাসিক বালিলেছা কালীসাগৰ পুখুৰীত আৰম্ভ হ'ল বৰশী বোৱা প্ৰতিযোগিতা

Nalbari News: ঐতিহাসিক বালিলেছা কালীসাগৰ পুখুৰীত আৰম্ভ হ'ল বৰশী বোৱা প্ৰতিযোগিতা

৩২ বিঘা মাটিত কালী সাগৰ পুখুৰী

৩২ বিঘা মাটিত কালী সাগৰ পুখুৰী

এইবেলি বালিলেছা কালী সাগৰ পুখুৰীৰ মাছ অইন বছৰৰ তুলনাত অধিক ডাঙৰ হৈছে ।ৰৌ, ভকুৱা, কমনকাৰ্প মাছ ১০ কেজিৰ পৰা ১৫ কেজি পৰ্যন্ত হৈছে ।যাৰ বাবে সমগ্ৰ নলবাৰী জিলাৰ পৰা বৰশী বোৱাৰ প্ৰতি ধাউতি থকা সকলে আহি বৰশী বোৱাত ব্যস্ত হৈ পৰিছে ৷

  • Share this:
নলবাৰী, ২৫ মাৰ্চ: অসমৰ অন্যতম শক্তিপীঠ নলবাৰী জিলাৰ শ্ৰীশ্ৰীকালী দেৱালয়ৰ বিশাল ৩২ বিঘা মাটিকালিৰে আৱৰা কালী সাগৰ পুখুৰীত প্ৰথম বাৰৰ বাবে বৰশী বোৱাৰ প্ৰতিযোগিতা মূলক ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে দশম শতিকাত প্ৰতিষ্ঠিত কালী দেৱালয়খনৰ উন্নয়নৰ প্ৰধান উৎস হৈছে কালী সাগৰ পুখুৰী ।

প্ৰতি তিনি বছৰৰ মূৰত কালী সাগৰ পুখুৰী নিলাম হয় । নিলাম কৰি মাছৰ নামত পোৱা টকা মন্দিৰ উন্নয়নত ব্যৱহাৰ কৰা হয় । এইবাৰ বালিলেছা গাৱঁৰ স্থানীয় কেইজনমান উদ্যমী যুৱকে ৪ লাখ ৬৩ হাজাৰ টকাত নিলামত লয় পুখুৰীটো । উল্লেখযোগ্য যে উদ্যমী যুৱক সকলে মাছ মৰাৰ প্ৰাকমুহুৰ্তত কালী গোসাঁনীৰ ওচৰত ভোগ আগবঢ়াই বৰশী বোৱাৰ এক প্ৰতিযোগিতামূলক ব্যৱস্থা কৰিছে ।

উল্লেখযোগ্য যে, এইবেলি বালিলেছা কালী সাগৰ পুখুৰীৰ মাছ আন বছৰৰ তুলনাত অধিক ডাঙৰ হৈছে । ৰৌ, ভকুৱা, কমনকাৰ্প মাছ ১০ কেজিৰ পৰা ১৫ কেজি পৰ্যন্ত হৈছে । বাকী আন আন মাছবোৰো ভবাতকৈ বহুগুণে ডাঙৰ হৈছে যাৰ বাবে সমগ্ৰ নলবাৰী জিলাৰ পৰা বৰশী বোৱাৰ প্ৰতি ধাউতি থকা সকলে আহি বৰশী বোৱাত ব্যস্ত হৈ পৰিছে ।

শেহতীয়া বাতৰি