• Home
  • »
  • News
  • »
  • assam
  • »
  • Tiger Attack : নাৱৰ ওপৰত জপিয়াই পৰি মৎস্যজীৱীক উঠাই নিলে বাঘে

Tiger Attack : নাৱৰ ওপৰত জপিয়াই পৰি মৎস্যজীৱীক উঠাই নিলে বাঘে

তেওঁৰ সৈতে থকা লগৰীয়াই লাঠীৰে খেদি গৈ কোনো সম্ভেদ নাপাই ঘূৰি আহি গাঁওবাসীক খবৰ দিয়ে।

তেওঁৰ সৈতে থকা লগৰীয়াই লাঠীৰে খেদি গৈ কোনো সম্ভেদ নাপাই ঘূৰি আহি গাঁওবাসীক খবৰ দিয়ে।

তেওঁৰ সৈতে থকা লগৰীয়াই লাঠীৰে খেদি গৈ কোনো সম্ভেদ নাপাই ঘূৰি আহি গাঁওবাসীক খবৰ দিয়ে।

  • Share this:


বাঘৰ আক্ৰমণত নিখোজ এজন মৎস্যজীৱী। এই ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ সুন্দৰবনৰ চিলমাৰি হাবিৰ সমীপত। সোমবাৰে তিনিজন মৎস্যজীৱীয়ে সুন্দৰবন কোষ্টেল থানাৰ লাহিৰিপুৰ গাঁও পঞ্চায়তৰ পৰশমণি গাঁৱৰ পৰা কেঁকোৰা ধৰিবলৈ গৈছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মঙলবাৰে পুৱা আনুমানিক ১০ বজাত যেতিয়া তিনিওজন মৎস্যজীৱীয়ে কেঁকোৰা ধৰা আছিল, সেই সময়তে হঠাৎ এটা বাঘ সংঘলৰ পৰা ওলাই আহি জঁপিয়াই নৌকাৰ ওপৰত পৰে আৰু মৎস্যজীৱী চিত্তৰঞ্জন সৰকাৰক তুলি লৈ যায়। তেওঁৰ সৈতে থকা লগৰীয়াই লাঠীৰে খেদি গৈ কোনো সম্ভেদ নাপাই ঘূৰি আহি গাঁওবাসীক খবৰ দিয়ে।

ইয়াৰ পিছত বন বিভাগক খবৰ দিয়া হয়। সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ ফিল্ড ডিৰেক্টৰে জনায় কেঁকোৰা ধৰিবলৈ যোৱা মৎস্যজীৱীসকলৰ বৈধ কাগজ–পত্ৰ থাকিলেও তেওঁলোকে কেঁকোৰা ধৰিবলৈ গৈ মোহনাত সোমাই পৰাত বাঘৰ আক্ৰমণৰ বলি হয়।

Published by:Sanjay Kumar Das
First published: