মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ তথা মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাই কেনেদৰে লুটি পুটি খাইছিল সেয়া ইতিমধ্যে প্ৰকাশ পাইছিল আমাৰ বহুকেইটা প্ৰতিবেদনত। ধনৰ বিনিময়ত উজনিৰ পৰা নামনিলৈ প্ৰায় ১৫০় যুৱক-যুৱতীক মীন বিভাগত চাকৰি (Job Against Cash) দিয়াৰ অভিযোগ উত্থাপিত হৈছে পদ্ম হাজৰিকাৰ বিৰুদ্ধে ৷
বিজ্ঞাপনৰ অবিহনে পদ্ম হাজৰিকাই আত্মীয়-কুটুমৰ পৰা আৰম্ভ কৰি ধনৰ বিনিময়ত প্ৰায় ১৫০ যুৱক যুৱতিক চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ উৎত্থাপিত হৈছে ৷ অকল ইমানেই নহয় কমিছনৰ অংকত নিজৰ ভাগিনৰ পৰা আৰম্ভ কৰি বহু অঙহি-বঙহিক ৰাজ্যৰ বহুকেইখন বিল লিজত দিয়াৰো অভিযোগ উঠিছে বিতৰ্কিত পদ্ম হাজৰিকাৰ বিৰুদ্ধে ৷
এই সন্দৰ্ভত আমাৰ ধাৰাবাহিক বাতৰিৰ পিছতে মীন নিগমৰ নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে সমগ্ৰ কেলেংকাৰীৰ তদন্ত ঘোষণা কৰাৰ লগতে দায়িত্বৰ পৰা অব্যাহতি দিয়ে পদ্ম হাজৰিকাক ৷ কিন্তু বুধবাৰে অৱসৰৰ পিছতো ৰমাকান্ত দেউৰীয়ে OSD হিচাপে ৰখা পদ্ম হাজৰিকাক লৈ পলায়নবাদী আচৰণ কৰা পৰিলক্ষিত হয় অসম বিধানসভাৰ চৌহদত। news 18ৰ কেমেৰা দেখি পলায়নৰ চেষ্টা কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ ৰমাকান্তৰ মতে এয়া হেনো মিছা কথা ৷ কেমেৰাৰ সন্মুখত বিধায়ক দেউৰীয়ে কয় যে,'হেই এইবোৰ মিছা...।'
ৰমাকান্ত দেউৰীয়ে কোৱাৰ দৰে যদি সঁচাকৈয়ে অভিযোগবোৰ মিছা হয় তেন্তে কিয় পৰ্যন্ত মুকলিকৈ সংবাদমাধ্যমৰ আগত পদ্ম হাজৰিকাই নিজৰ স্থিতি স্পষ্ট কৰিব নোৱাৰিলে? এয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|