হাজোৰ বিষ্ণুপুষ্কৰত পুনৰ মাছৰ অস্বাভাৱিক মৃত্যু

News18 Assam | News18-Assam
Updated:May 22, 2020, 12:56 PM IST
হাজোৰ বিষ্ণুপুষ্কৰত পুনৰ মাছৰ অস্বাভাৱিক মৃত্যু
দেশী–বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্ককৰ সৰোবৰৰ ভগৱান জ্ঞান কৰা এইসমূহ বৃহৎ বৃহৎ মাছ পুৱাতেই মৰি উপঙি উঠাত এতিয়া চিন্তিত হৈ পৰিছে হাজোবাসী।

দেশী–বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্ককৰ সৰোবৰৰ ভগৱান জ্ঞান কৰা এইসমূহ বৃহৎ বৃহৎ মাছ পুৱাতেই মৰি উপঙি উঠাত এতিয়া চিন্তিত হৈ পৰিছে হাজোবাসী।

  • Share this:
হাজোৰ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ সৰোবৰত পুনৰ মাছৰ মৃত্যু। বিগত দুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত অক্সিজেনৰ অভাৱ হৈ মাছবোৰৰ মৃত্যুৰ সন্দেহ কৰা হৈছে। বৃহস্পতিবাৰৰ নিশাৰে পৰা ইতিমধ্যে অৰ্ধ–শতাধিক মাছৰ মৃত্যু হৈছে বিষ্ণুপুষ্কৰত। কিছুদিন পূৰ্বেও মাছৰ মৃত্যু হৈছিল সৰোবৰটোত। এতিয়াও শতাধিক মাছ পানীত উপঙি থকা পৰিলক্ষিত হৈছে।

দেশী–বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্ককৰ সৰোবৰৰ ভগৱান জ্ঞান কৰা এইসমূহ বৃহৎ বৃহৎ মাছ পুৱাতেই মৰি উপঙি উঠাত এতিয়া চিন্তিত হৈ পৰিছে হাজোবাসী। অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পুখুৰীৰ পানীত ঢৌ তোলাৰ চেষ্টা এতিয়াও অব্যাহত ৰাখিছে।

পূৰ্বেও এইদৰে মাছৰ মৃত্যু হোৱাৰ পিছত মীন বিভাগে বিভিন্ন আশ্বাস দিছিল যদিও দিন যোৱাৰ লগে লগে সকলো ফুটুকাৰ ফেনত পৰিণত হয়। যাৰ বাবে এইদৰে বাৰে বাৰে সংঘটিত হয় মাছৰ মৃত্যুৰ ঘটনা। পূৰ্বতেও মাছৰ মৃত্যু হোৱাৰ পিছত লাখ-লাখ টকা পুখুৰী নিষ্কাশণৰ নামত আহিল যদিও নিষ্কাশণহে নহ'ল। কাৰ জেপত সোমাল এই ধন? ইয়াকে লৈ এতিয়া তদন্ত দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading