দুদিন পূৰ্বে মহানগৰীৰ দীঘলীপুখুৰীত অক্সিজেনৰ অভাৱত মৃত্যু হৈছিল বহু মাছৰ। তাৰ পিছত পুনৰ মহানগৰীৰ ধাৰাপুৰত মাছৰ আকস্মিক মৃত্যু। ধাৰাপুৰৰ আনন্দ কলিতা নামৰ এজন লোকৰ প্ৰায় ডেৰ বিঘাৰ এটি পুখুৰীত মাছ পুহিছিল। সময়মতে পুখুৰী পৰিষ্কাৰ কৰাৰ লগতে মাছৰ খাদ্যও যোগান ধৰিছিল। কিন্তু আনন্দ কলিতাৰ এই পুখুৰীটোত হঠাৎ প্ৰায় আঢ়ৈ কুইণ্টল পোহনীয়া মাছৰ মৃত্যু ঘটে।
বিভিন্ন প্ৰকাৰৰ মাছ আছিল আনন্দ কলিতাৰ এই পুখুৰীত। কিন্তু হঠাৎ কিয় এইদৰে মাছৰ মৃত্যু হৈছে তাৰ কাৰণ জানিব পৰা হোৱা নাই। একাংশ মাছ পালন কৰা লোকে সন্দেহ কৰে যে কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিহ মিহলাই দিয়াৰ ফলতে মৃত্যু হৈছে মাছৰ। বিভিন্ন প্ৰকাৰৰ প্ৰায় ডেৰ কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ মাছসমূহৰ মৃত্যুত ভাগি পৰিছে মাছ পালক আনন্দ কলিতা। মীন বিভাগক এই ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে ৰাইজে।