স্বাধীনতা দিৱসত ঐতিহাসিক ৰংঘৰৰ চৌহদত জাতীয় পতাকা উত্তোলন কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। জাতীয় পতাকা উত্তোলন কৰি প্ৰবীণ ক্ৰীড়াবিদ গৰাকীয়ে কয় যে " কেতিয়াও নভবা ভাল কাম এটা এইবাৰ ৰংঘৰত কৰা হৈছে। মই অভিভূত হৈ পৰিছো। " ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ সঠিক সংৰক্ষণ আৰু প্ৰচাৰৰো পৰামৰ্শ আগবঢ়াই ভোগেশ্বৰ বৰুৱাই।
লক্ষ্যণীয় যে ৰংঘৰৰ চৌহদত আজি উত্তোলন কৰা জাতীয় পতাকাখন এবছৰ একেৰাহে ৰংঘৰৰ বাকৰিত উত্তোলন কৰি ৰাখিব ।
২০২৩ চনৰ ১৫ আগষ্টলৈকে উত্তোলন কৰি ৰখা হ'ব জাতীয় পতাকা।এই বিষয়ে সদৰী কৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ বিষয়ববীয়াসকলে।
উল্লেখযোগ্য স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ ৰংঘৰক আলোক সজ্জাৰে উজ্বলাই তোলা হৈছে। জাতীয় পতাকাৰ বৰণ দিয়া হৈছে ৰংঘৰক। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে দেশৰ মুঠ ৭৫ টা ঐতিহাসিক স্থানত অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এনে ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰত অসমৰ ৰংঘৰকো সামৰি লৈছে।
প্ৰণিধানযোগ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে ৫ গৰাকী মুক্তিযোদ্ধাকো সম্বৰ্ধনা জ্ঞাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|