মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল উন্নত চিকিৎসাৰ বাবে আহমেদাবাদলৈ ৰাওনা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা

অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল উন্নত চিকিৎসাৰ বাবে আহমেদাবাদলৈ ৰাওনা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা

আহমেদাবাদলৈ বিমানেৰে ৰাওনা হোৱাৰ প্ৰাকক্ষণত শনিবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ লগতে অভিভাৱকসকলক দেখা কৰি চিকিৎসাৰ বাবে শুভেচ্ছা জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হয়।

  • Share this:

অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হয়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত অভিভাৱকৰ সৈতে প্ৰেৰণ কৰা শিশু হৃদৰোগীৰ দলটোত আছে জন্মগতভাৱে জটিল হৃদৰোগত আক্ৰান্ত ১৯টি শিশু।


আহমেদাবাদলৈ বিমানেৰে ৰাওনা হোৱাৰ প্ৰাকক্ষণত শনিবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ লগতে অভিভাৱকসকলক দেখা কৰি চিকিৎসাৰ বাবে শুভেচ্ছা জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সাক্ষাৎকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিশুসকলৰ অভিভাৱকেৰে মত বিনিময় কৰি আহমেদাবাদত এই শিশুসকলক সম্পূৰ্ণ বিশ্বমানৰ, অত্যাধুনিক চিকিৎসা উপলব্ধ কৰোৱা হ'ব বুলি আশ্বাস দিয়ে।


তেওঁলোকৰ চিকিৎসাৰ লগতে যাতায়তী আৰু খোৱা-বোৱাকে ধৰি আনুষংগিক খা-খৰছৰ বাবে অভিভাৱকসকলো কোনো চিন্তা বা শংকাত পৰাৰ প্ৰয়োজন নাই বুলিও মন্ত্ৰী মহন্তই অভিভাৱকসকলক আশ্বস্ত কৰে। ৰাজ্য চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত হোৱা বুজাবুজি অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ চি এন চেণ্টাৰৰ অভিজ্ঞ চিকিৎসকৰ বিশেষ তত্বাৱধানত প্ৰেৰণ কৰা এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ ব্যয়ৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ছোৱাত প্ৰতিদিনে খোৱা-বোৱাৰ সমষ্ট খৰছ শ্ৰীসত্য সাই হাৰ্ট হস্পিতাল পৰিচালনা ন্যাসে বহন কৰিব। ইয়াৰ বিপৰীতে ৰোগী-অভিভাৱকৰ যাতায়তী খৰছকে ধৰি আন আনুষংগিক খা-খৰছ বহন কৰিব অসম চৰকাৰে।


উল্লেখযোগ্য় যে, শ্ৰীসত্য সাই হস্পিতালৰ এটি সাতজনীয়া অভিজ্ঞ হৃদৰোগ বিশেষজ্ঞৰ এটা দল আহি যোৱা ২১ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীনৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ (চিএন চেণ্টাৰ)ত প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰি জৰুৰীভাৱে অস্ত্ৰোপচাৰ তথা উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তা দেখা দিয়া হৃদৰোগাক্ৰান্ত শিশুসকলক আহমেদাবাদলৈ নিয়াৰ বাবে বাচনি কৰিছিল। এই স্ক্ৰীণিং কেম্পত আহমেদাবাদৰ পৰা অহা হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ দলটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্যৰ নেতৃত্বত চিএন চেণ্টাৰ তথা জিএমচিএইচৰ ছজনীয়া চিকিৎসা বিশেষজ্ঞৰ এটা দলে সহযোগিতা আগবঢ়ায়।


স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিশু আৰু অভিভাৱকসকলক সাক্ষাতৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ এমএছ লক্ষ্মী প্ৰিয়া, কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণৱ ভট্টাচাৰ্যৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া আৰু বহু কেইগৰাকী চিকিৎসকো উপস্থিত থাকে।


স্মৰ্তব্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদ্যপ্ৰাক্তন মুখ্য ন্যায়াধীশ আৰ এম ছায়াই আহমেদাবাদস্থিত দেশৰ এই অগ্ৰণী দাতব্য হৃদৰোগ চিকিৎসালয়খনত অসমৰ হৃদৰোগাক্ৰান্ত শিশু আৰু দুখীয়া পৰিয়ালৰ বয়সস্থ হৃদৰোগীসকলে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা পাব পৰাকৈ শ্ৰীসত্য সাই হস্পিতাল ন্যাস আৰু অসম চৰকাৰৰ মাজত প্ৰাৰম্ভিক যোগাযোগ স্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বিদ্যায়ী মুখ্য ন্যায়াধীশগৰাকীৰ এই মহানুভৱতালৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা সঁহাৰি আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগক শ্ৰীসত্য সাই হস্পিতাল ন্যাসৰে সহযোগিতামূলক বুজাবুজিৰে অসমৰ জন্মগত হৃদৰোগাক্ৰান্ত শিশু আৰু দুখীয়া পৰিয়ালৰ হৃদৰোগীক আহমেদাবাদত চিকিৎসাৰ উদ্যোগ লোৱাৰ নিৰ্দেশনা আগবঢ়ায়।


সেইসূত্ৰে যোৱা ৭ জানুৱাৰীত গুৱাহাটীৰ অসম প্ৰশাসনিক প্ৰাধিকাৰীৰ মহাবিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতাল ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানীয়ে এই সন্দৰ্ভত এখন আনুষ্ঠানিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজি অনুসৰি আগন্তুক দুবছৰত অসমৰ ৫০০ হৃদৰোগাক্ৰান্ত শিশু আৰু দুখীয়া পৰিয়ালৰ ৫০০ গৰাকী হৃদৰোগীক শ্ৰীসত্য সাই হাৰ্ট হস্পিতালত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ'ব। ইয়াৰ প্ৰথম পৰ্যায়ত আজি ১৯ গৰাকী শিশু হৃদৰোগীৰ দলে আহমেদাবাদ অভিমুখে যাত্ৰা কৰে। অসমৰ হৃদৰোগী শিশু আৰু দুখীয়া পৰিয়ালৰ হৃদৰোগীৰ বাবে বিনামূলীয়া চিকিৎসাৰ এই সুন্দৰ ব্যৱস্থা সম্ভৱ হৈ উঠাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সদ্দিচ্ছাৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশ ছায়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰীসত্য সাই হস্পিতালৰ পৰিচালনা ন্যাসৰক্ষী মনোজ ভিমানীৰ শলাগ লয়।

শেহতীয়া বাতৰি