প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ ৰাইজৰ।
প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ ৰাইজৰ।
অসম বিধানসভা নিৰ্বাচন সমাগত। ৰাজ্যৰ চৌদিশে এতিয়া বলিছে নিৰ্বাচনী বতাহ।সমান্তৰালভাৱে প্ৰাৰ্থীত্ব প্ৰয়াসীসকলৰ এইকেইদিন ব্যস্ততাৰ অন্ত নাই। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ ৰাইজৰ।
যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিত এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী বিশষ্ট চিকিৎসকে। উত্তৰ পুৰ্বাঞ্চলৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক'ল'জিষ্ট তথা টীয়কৰ সুযোগ্য সন্তান যদুনাথ বুঢ়াগোহাঁইয়ে এইবাৰ সমষ্টিটো প্ৰতিনিধিত্ব কৰাৰ সপোন লৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।
বিগত প্ৰায় ৫ বছৰ টীয়কীয়া ৰাইজৰ কাষত থাকি বিভিন্ন সমস্যাৰাজিৰ লগতে স্বাস্থ্য সম্পৰ্কীয় দিশসমুহত সহযোগিতা আগবঢ়াই একপ্ৰকাৰ সকলোৰে প্ৰিয়ভাজন হৈ পৰিছে ডা০ যদুনাথ বুঢ়াগোহাঁই। একেদৰে অধিকাংশ ভোটাৰ ৰাইজেও টীয়কৰ সন্তান তথা মেধা সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ নেতৃত্ব এইবাৰ আশা কৰিছে।
উল্লেখ্য যে, শাসকীয় চৰকাৰৰ মিত্ৰজোঁটৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়ক সমষ্টি এইবাৰ বিজেপিয়ে নিজৰ হাতলৈ আনিবলৈ জোৰদাৰ গতিত প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। আৰু সেই অনুসৰি চিকিৎসক যদুনাথ বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি ৭ গৰাকীকৈ প্ৰাৰ্থীত্বপ্ৰত্যাশীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|