নৃশংস! দাৰে ঘপিয়াই নিজ ভাতৃক হত্যা, তাৰ পিছত মৃতদেহৰ সন্মুখত টিকটক ভিডিঅ' নিৰ্মাণ 

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:52 PM IST
নৃশংস! দাৰে ঘপিয়াই নিজ ভাতৃক হত্যা, তাৰ পিছত মৃতদেহৰ সন্মুখত টিকটক ভিডিঅ' নিৰ্মাণ 
বহিৰাজ্যত কৰ্মৰত অসমৰ ভাতৃৰ নৃশংসতাৰ কাহিনী।

বহিৰাজ্যত কৰ্মৰত অসমৰ ভাতৃৰ নৃশংসতাৰ কাহিনী।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:52 PM IST
  • Share this:
বহি:ৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ নৃশংসতাই হতচকিত কৰি তুলিছে সকলোকে। পেটৰ তাড়নাত কেৰেলালৈ কাম কৰিবলৈ যোৱা জালালুদ্দিন আৰু ৰকিবুল নামৰ দুই ভাতৃৰ মাজত যোৱা ৫ফেব্ৰুৱাৰী বুধবাৰৰ নিশা কাজিয়াৰ সূত্ৰপাত হৈছিল। ইয়াৰ পিছতে ৰকিবুলে এখন চোকা দাৰে জালালউদ্দিনক উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় জালালউদ্দিন। কিন্তু নিজ ভাতৃক হত্যা কৰিয়ে ক্ষান্ত নাথাকিল ৰকিবুল। আপোন ভাতৃৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ সন্মুখত লৈ বনালে টিক-টক ভিডিঅ'। ৰকিবুলৰ এই নৃশংসতাই সকলোকে হতভম্ব কৰি তুলিছে। ইতিমধ্যে বৃহস্পতিবাৰে পুৱা ভাতৃ হত্যাকাৰী ৰকিবুলক কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই দুই ভাতৃৰ ঘৰ অসমৰ নগাঁও জিলাত বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে নগাঁও আৰক্ষীৰ সৈতে নিহত জালালউদ্দিনৰ পৰিয়াল অথবা কেৰালা আৰক্ষীয়ে কোনোধৰণৰ যোগাযোগ কৰা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি