আজি গুৱাহাটীৰ পৰা ৰাওনা হ’ব প্ৰথমটো হজযাত্ৰীৰ দল

এইবছৰ উত্তৰ–পূবৰ পৰা হজলৈ যাব মুঠ ৩,৫৯৪ জন যাত্ৰী।

news18assam
Updated:July 4, 2019, 9:50 AM IST
আজি গুৱাহাটীৰ পৰা ৰাওনা হ’ব প্ৰথমটো হজযাত্ৰীৰ দল
এইবছৰ উত্তৰ–পূবৰ পৰা হজলৈ যাব মুঠ ৩,৫৯৪ জন যাত্ৰী।
news18assam
Updated: July 4, 2019, 9:50 AM IST
আজি গুৱাহাটীৰ পৰা ৰাওনা হ’ব প্ৰথমটো হজযাত্ৰীৰ দল। হজযাত্ৰীসকলৰ পৰিচৰ্যাৰ বাবে যাব ১৮জন খাদীমূল হোজ্জা। হাজী মুছফিৰ খানাত হজযাত্ৰীসকলৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এইবছৰ উত্তৰ–পূবৰ পৰা হজলৈ যাব মুঠ ৩,৫৯৪ জন যাত্ৰী। অসমৰ পৰা ৩,৫১৫ গৰাকী, মেঘালয়ৰ পৰা ৫৫ গৰাকী, নাগালেণ্ডৰ পৰা ২২ গৰাকী আৰু অৰুণাচলৰ পৰা যাব ৪গৰাকী যাত্ৰী। হজযাত্ৰীসকলৰ ভিতৰত আছে ২,৪৩২ গৰাকী পুৰুষ আৰু ১,১৬২ গৰাকী মহিলা। কলকাতাৰ পৰাও পৃথকে উত্তৰ–পূবৰ ৬০০ যাত্ৰী যাব হজলৈ।

আজিৰে পৰা ১৮ জুলাইলৈ দৈনিক বৰঝাৰ বিমানবন্দৰৰ পৰা যাব ১৫০ জনকৈ হজযাত্ৰী। আজি হজযাত্ৰীসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব হজ কমিটীৰ অধ্যক্ষ ৰঞ্জিত দত্তই। বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰথমখন হজযাত্ৰীৰ বিমান মদিনালৈ উৰা মাৰিব দুপৰীয়া ২.১৫ বজাত। বিমানবন্দৰত অসম চৰকাৰ তথা বিমানবন্দৰ কৰ্তৃপক্ষই হজযাত্ৰীৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অন্তিমটো দল ৰাওনা হ’ব ১৮ জুলাইত।
আৰু চাওক পৰৱৰ্তী বাতৰি