কোৰণা ভাইৰাছৰ পিছত আকৌ এবাৰ নতুন ভাইৰাছৰ চিন্তা বাঢ়িছে দেশত। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়াৰে পৰা সাৱধানতা অৱলম্বন কৰা হৈছে। নিত্য বৃদ্ধি পোৱা ৰোগীৰ পৰিপ্ৰেক্ষিতত ফলপ্ৰসূ পদক্ষেপো গ্ৰহণ কৰা হৈছে।
ইয়াৰ মাজতে অসমতো ওলাইছে এই ভাইৰাছত আক্ৰান্ত ৰোগী। আজি গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিত শৰ্মাই এই বিষয়ে সদৰী কৰি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে (H3N2 Influenza Virus in Assam)।
এই ভাইৰাছ হৈছে H3N2। অসমত প্ৰথমজন H3N2 আক্ৰান্তক চিনাক্ত কৰি স্বাস্থ্য বিভাগে সদৰী কৰিছে যে H3N2ৰ সংক্ৰমণ ৰোধৰ বাবে সষ্টম হৈ আছে স্বাস্থ্য বিভাগ। ইয়াৰ লগতে ৰাইজক সজাগ, সতৰ্ক হ’বলৈ আহ্বান জনায় স্বাস্থ্য বিভাগে।
উল্লেখ্য, দেশৰ ভিন্ন প্ৰান্তত H3N2ৰ ভয়াৱহ সংক্ৰমণত ইতিমধ্যে ৩জনৰ মৃত্যু হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত এইচ ৩এন২ ইনফ্লুৱেঞ্জা ভাইৰাছৰ ক্ৰমাৎ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ১৬ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অষ্টম শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।
বিশেষকৈ শিশুৰ মাজত ইনফ্লুৱেঞ্জাৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, কাৰাইকাল, মাহে আৰু য়ানামৰ চাৰিওটা অঞ্চলৰ বিদ্যালয়ৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য কৰা হৈছে। এইক্ষেত্ৰত অসমৰ স্বাস্থ্য বিভাগেও H3N2ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰখা বুলি জানিব পৰা গৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 20:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।