মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari Flyover: নলবাৰীবাসীৰ বাবে সুখবৰ ! শীঘ্ৰে মুকলি হোৱাৰ দিশে নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু

Nalbari Flyover: নলবাৰীবাসীৰ বাবে সুখবৰ ! শীঘ্ৰে মুকলি হোৱাৰ দিশে নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু

২০১৭ চনৰ মাৰ্চ মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ 

২০১৭ চনৰ মাৰ্চ মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ 

২০১৭ চনৰ মাৰ্চ মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ 

  • Share this:
নলবাৰীত অতি শীঘ্ৰেই মুকলি হ’ব ইয়াৰ প্ৰথমখন উৰণীয়া সেতু। ইতিমধ্যে নলবাৰী হৰিমন্দিৰৰ সমীপত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় ৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ৪৬৫ মিটাৰ। ডিডি শৰ্মা নিৰ্মাণ কনষ্ট্ৰাকচনে ২০১৯ চনৰ জুলাই মাহত সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷ ২০১৭ চনৰ মাৰ্চ মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷

উল্লেখযোগ্য যে, নলবাৰী হৰিমন্দিৰৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথচোৱা বিগত পাছ বছৰে দলং নিৰ্মাণৰ বাবে ক্ৰছিংটো বন্ধ হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী পথচাৰীয়ে ৩ কিলোমিটাৰ পথ দূৰেৰে অতিক্ৰম কৰি যাব লগা হৈছিল। ৪৬৫ মিটাৰ দৈৰ্ঘ্যৰ দলংখন বিভিন্ন কাৰণত সময় উকলি যোৱাৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাছিল। যাৰ বাবে যান–যটৰ সমস্যা হ্ৰাস কৰা আৰু উৰণীয়া সেতু শীঘ্ৰে মুকলিৰ বাবে বিভিন্ন দল সংগঠনে‌ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। কিন্তু এতিয়া সকলো সমস্যাৰ অন্ত পেলাই মুকলিৰ দিশে হৰিমন্দিৰৰ সমীপৰ উৰণীয়া সেতু।

জানিব পৰা মতে, অহা মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নবনির্মিত সেতুখন মুকলি কৰাৰ সম্ভাৱনা আছে। সেতুখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে নলবাৰীৰ ৰাইজ। কিয়নো সেতুখনে নলবাৰী চহৰৰ বৃহৎ যানযঁটৰ সমস্যা হ্ৰাস কৰিব।

ইফালে, নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা দলংখন সুন্দৰকৈ মুকলিৰ বাবে সজাই পৰাই তোলা হৈছে। আনহাতে নলবাৰীবাসীৰ দীৰ্ঘদিনীয়া আশা আৰু ধৈর্যৰ ফল এই উৰণীয়া সেতুখনৰ মুকলিৰ দিনটোলৈ সকলোৱে অধিৰ অপেক্ষাৰে বাট চাই আছে।

শেহতীয়া বাতৰি