প্ৰথম বাৰলৈ দীক্ষান্ত সমাৰোহৰ পৰম্পৰাগত পোচাকৰ সলনি ছাত্ৰীসকলে পিন্ধিলে চাদৰ মেখেলা

News18 Assam | News18-Assam
Updated:February 26, 2020, 1:40 PM IST
প্ৰথম বাৰলৈ দীক্ষান্ত সমাৰোহৰ পৰম্পৰাগত পোচাকৰ সলনি ছাত্ৰীসকলে পিন্ধিলে চাদৰ মেখেলা
দীৰ্ঘ বিৰতিৰ অন্তত যোৰহাট স্থিত অসম মহিলা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হল প্ৰথম দীক্ষান্ত সমাৰোহ।

দীৰ্ঘ বিৰতিৰ অন্তত যোৰহাট স্থিত অসম মহিলা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হল প্ৰথম দীক্ষান্ত সমাৰোহ।

  • Share this:
বহু প্ৰতীক্ষাৰ অন্তত যোৰহাট স্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় মঙ্গলবাৰে । প্ৰথমবাৰৰ বাবে দীক্ষান্ত সমাৰোহত ছাত্ৰীসকলে দীক্ষান্ত সমাৰোহৰ পৰম্পৰাগত পোচাকৰ পৰিৱৰ্তে চাদৰ মেখেলা পৰিধান পৰিধান কৰি মানপত্ৰ গ্ৰহণ কৰে ।

বহু ঘাট– প্ৰতিঘাটৰ অন্তত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ আচাৰ্য অসমৰ ৰাজ্যপাল জগদীশ মুখী । ২০১৪ চনত স্থাপন কৰা বিশ্ববিদ্যালয়খনৰ ৪৯৬ গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয় দীক্ষান্ত সমাৰোহত । উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ স্থায়ীত্বৰ দাবীত ছাত্ৰী সকলে বিগত সময়চোৱাত গঢ়ি তোলা ব্যাপক আন্দোলনৰ পিছত বিগত বৰ্ষত নিযুক্তি দিয়া হৈছিল স্থায়ী উপাচাৰ্য । বৰ্তমান সীমিত আন্ত:গাথনিৰে চলি থকা বিশ্ববিদ্যালয়খনত ১৫টা স্নাতকোত্তৰ বিভাগ আৰু ২টা আণ্ডাৰ গ্ৰেজুৱেট বিভাগত ছাত্ৰীসকলে অধ্যয়ন কৰি আছে। বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলৰ অধিকাংশই ঠিকাভিত্তিত নিযুক্তি লাভ কৰা ।

বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে এই বিষয়টোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি শীঘ্ৰে বিভাগসমূহত স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে । আচাৰ্যগৰাকীয়ে কয় যে এখন বিশ্ববিদ্যালয় ঠিকা ভিত্তিক শিক্ষকেৰে কেতিয়াও চলি থাকিব নোৱাৰে । গতিকে বিশ্ববিদ্যালয় এখনৰ বাবে অতি গুৰুত্বপূৰ্ণ এই বিষয়টোৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আচাৰ্যগৰাকীয়ে জানিবলৈ দিয়ে । স্থায়ী শিক্ষক নিযুক্তিৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়খনৰ আন্ত:গাথনিৰ উন্নয়নৰ কামো চলাই নিয়া হ’ব বুলি আচাৰ্যগৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ অন্তত তথা বহু ঘাট প্ৰতিঘাটৰ পিছত ছাত্ৰীসকলে দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰিবলৈ পাই সন্তুষ্টি ব্যক্ত কৰে । প্ৰথমবাৰৰ বাবে দীক্ষান্ত সমাৰোহৰ পৰম্পৰাগত পোচাকৰ সলনি বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে চাদৰ মেখেলা পৰিধান কৰিবলৈ পাই অতিকৈ সুখী । ছাত্ৰীসকলৰ এই পোচাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি