জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ৰাইজৰ উদ্যোগত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ দেওবাৰে নিশা সামৰণি পৰে।
শিৱসাগৰ কলেজৰ পৰাগ চলিহা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰু ৰাস মহোৎসৱৰ অন্ত পৰাৰ লগে লগে নিজম পৰিল জয়সাগৰ।আটাইকেইটা দিনতে শ শ দৰ্শকৰ সমাগম হোৱা তথা ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা ভাওনা প্ৰতিযোগিতাৰ ফলাফলসমূহ দেওবাৰে ঘোষণা কৰি নিশা বঁটাসমূহ প্ৰদান কৰে।
ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে আমগুৰিৰ মণিকাঞ্চন ভাওনা দলে। দলটোৱে " কুমৰ হৰণ, হৰি হৰৰ যুদ্ধ" ভাওনা খন প্ৰদৰ্শন কৰিছিল। প্ৰথম পুৰস্কাৰ হিচাপে এক লাখ টকা, মানপত্ৰসহ বহু কেইপদ সামগ্ৰী আগবঢ়োৱা হয়।
" অম্বাৰ দেহ ত্যাগ" ভাওনাখন প্ৰদৰ্শন কৰা কেন্দুগুৰিৰ সাম্প্ৰতিক সাংস্কৃতিক গোষ্ঠীয়ে লাভ কৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান। দুলীয়াজানৰ বিষ্ণুপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীয়ে " শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা" ভাওনা প্ৰদৰ্শন কৰি তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে।
ইয়াৰ উপৰি যোৰহাট জিলাৰ টীয়কৰ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীলৈ চতুৰ্থ পুৰস্কাৰ আগবঢ়োৱা হয়। শ্ৰেষ্ঠ নাৰী চৰিত্ৰ উপস্থাপনৰ সন্মান "উৰ্মিলা" চৰিত্ৰটিৰ বাবে দুলীয়াজনৰ বিষ্ণুপ্ৰিয়া সাংস্কৃতিক গোষ্ঠীলৈ , শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰৰ সন্মান টিয়কৰ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীলৈ আগবঢ়োৱা হয়।
লক্ষণীয় যে প্ৰতিযোগিতাখনত ১৫টাৰো অধিক শিতানত বঁটা প্ৰদান কৰা হয়। অতি সু-শৃংখলিতভাৱে অনুষ্ঠিত কৰা ভাওনা প্ৰতিযোগিতা আৰু ৰাস মহোৎসৱৰ সামৰণী অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, শিৱসাগৰ পৌৰনেত্ৰী মৃণালিনী কোঁৱৰ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
ভাওনা প্ৰতিযোগিতা আৰু ৰাস মহোৎসৱখন সফলাতৰে অনুষ্ঠিত কৰাত সকলোৱে যি সহযোগিতা কৰিলে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে উদযাপন সমিতিৰ চিটু বৰুৱাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|