• Home
  • »
  • News
  • »
  • assam
  • »
  • Child Heart Patients : চিকিৎসাৰ বাবে অসমৰ হৃদ ৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ'ব আহমেদাবাদলৈ

Child Heart Patients : চিকিৎসাৰ বাবে অসমৰ হৃদ ৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ'ব আহমেদাবাদলৈ

শণিবাৰে চিএন চেণ্টাৰত হৃদৰোগী শিশুৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ শিবিৰ সম্পন্ন ,স্ক্ৰীণিং কেম্প মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ ৷

শণিবাৰে চিএন চেণ্টাৰত হৃদৰোগী শিশুৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ শিবিৰ সম্পন্ন ,স্ক্ৰীণিং কেম্প মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ ৷

শণিবাৰে চিএন চেণ্টাৰত হৃদৰোগী শিশুৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ শিবিৰ সম্পন্ন ,স্ক্ৰীণিং কেম্প মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ ৷

  • Share this:

জন্মগতভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে অহা ২৬ জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হাস্পতাললৈ প্ৰেৰণ কৰা হ'ব। অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ মাজত যোৱা ৭ জানুৱাৰীত সম্পাদিত বুজাবুজি চুক্তিৰ অধীনত দেশৰ এই অগ্ৰণী হৃদৰোগ চিকিৎসা প্ৰতিষ্ঠানখনে অসমৰ হৃদৰোগী শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াব।


জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা গুৰুতৰ হৃদৰোগী শিশুসকলক এই প্ৰথমটো দলত আহমেদাবাদলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ সহযোগত শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীনৰ হৃদয়বক্ষ আৰু স্নায়ুৰোগ কেন্দ্ৰ (চি এন চেণ্টাৰ)ত এনে জন্মগত জটিল হৃদৰোগত আক্ৰান্ত  শিশুসকলৰ এটা প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা শিবিৰ (স্ক্ৰীনিং কেম্প) অনুষ্ঠিত কৰা হয়।


গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে আগবেলা চিএন চেণ্টাৰত বন্তি প্ৰজ্বলনেৰে এই স্ক্ৰীনিং শিবিৰৰ শুভাৰম্ভণি কৰে। জটিল হৃদৰোগত আক্ৰান্ত শিশুসকলক চিনাক্তকৰণৰ বাবে আয়োজিত এই স্বাস্থ্য পৰীক্ষণ শিবিৰ মুকলি কাৰ্যসূচীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানী, এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, চিএন চেণ্টাৰৰ সঞ্চালক ডাঃ বি বৈশ্য, হৃদৰোগ বিভাগৰ অধ্যাপক ডাঃ প্ৰণৱ ভট্টাচাৰ্যও উপস্থিত থাকে।


এই স্ক্ৰীনিং কেম্পত আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ পৰা অহা সাতজনীয়া হৃদৰোগ বিশেষজ্ঞৰ এটা দলে চিএন চেণ্টাৰৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ সহযোগত অসমৰ হৃদৰোগত আক্ৰান্ত শিশুসকলৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰে। আহমেদাবাদত চিকিৎসাৰ প্ৰয়োজন থকা শিশু ৰোগীসকলক প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ পৰা অহা হৃদৰোগ বিশেষজ্ঞৰ দলটোত আছে ডাঃ হৰিশ পাটেল, ডাঃ টি এন ৰমন, ডাঃ নীৰজ অগ্ৰৱাট, ডাঃ পৱন পাটেল, ডাঃ বৰুণ তিৱাৰী আৰু ডাঃ ভৱেশ ওজা। তেওঁলোকক সহযোগিতা আগবঢ়াইছে চি এন চেণ্টাৰৰ হৃদৰোগ বিশেষজ্ঞ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য, হৃদৰোগ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ ফাহিম ইকবাল, ডাঃ উজ্জ্বল শৰ্মা, উপ অধীক্ষকদ্বয় ডাঃ ৰাণাদ্বীপ দাস আৰু ডাঃ ৰাজীৱ ৰয়বৰুৱা (পেডিয়াট্ৰিক ছাৰ্জন)ই।


উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়লয়ৰ বিদায়ী মুখ্য ন্যায়ধীশ আৰ.এম.ছায়াৰ বিশেষ উদ্যোগত আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অসমৰ হৃদ ৰোগাক্ৰান্ত শিশুৰ লগতে দৰিদ্ৰ পৰিয়ালৰ হৃদৰোগীলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰসহ বিশ্বমানৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ কৰাৰ বাবে হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত সুনাম থকা দেশৰ এই আগশাৰীৰ দাতব্য চিকিৎসালয়খন আৰু অসম চৰকাৰে দ্বিপাক্ষিক সহযোগিতাৰ বুজাবুজিত উপনীত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মা, বিদায়ী মুখ্য ন্যায়াধীশ ছায়া আৰু স্বাস্থ্যমন্ত্ৰী মহন্তৰ উপস্থিতিত যোৱা ৭ জানুৱাৰীত অসম প্ৰশাসনিক প্ৰাধিকাৰীৰ মহাবিদ্যালয়ত উভয় পক্ষৰ মাজত এই সন্দৰ্ভত এখন দুবছৰীয়া বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়।


এই বুজাবুজি চুক্তি অনুসৰি জন্মগতভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ পাঁচশ শিশু আৰু পাঁচশ প্ৰাপ্তবয়স্ক হৃদৰোগীক অহা দুবছৰৰ ভিতৰত আহমেদাবাদ আৰু ৰাজকোটৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত বিশ্বমানৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা আগবঢ়োৱা হ’ব। এই হৃদৰোগী শিশু তথা বয়সস্থ লোকসকলৰ চিকিৎসাৰ সমস্ত ব্যয়ৰ লগতে খোৱা-বোৱাৰ খৰচো শ্ৰীসত্য সাই হাস্পতাল ন্যাসে আগবঢ়াব। একেদৰে, অসমৰ পৰা হৃদৰোগৰ আগশাৰীৰ দাতব্য চিকিৎসালয়খনলৈ চিকিৎসা গ্ৰহণৰ বাবে পঠিওৱা প্ৰতিগৰাকী শিশু তথা হৃদৰোগী ৰোগী আৰু অভিভাৱকসকলৰ যাতায়াত খৰচকে ধৰি আন আনুষংগিক ব্যয় সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে বহন কৰিব।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি