আজি বিজু দাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী, মৃত্যু তিথিত অসমবাসীয়ে স্মৰণ কৰিলে অসমীয়া ছবিৰ ‘বিগ বি’ক

News18-Assam
Updated:November 22, 2019, 6:12 PM IST
আজি বিজু দাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী, মৃত্যু তিথিত অসমবাসীয়ে স্মৰণ কৰিলে অসমীয়া ছবিৰ ‘বিগ বি’ক
২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ

২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ

  • Share this:
২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ। দুবছৰ হ’ল বিজু দা বিহীন অসমীয়া চলচিত্ৰজগতখন। ২০১৭ চনৰ ২২ নবেম্বৰতে চিৰ দিনৰ বাবে নোহোৱা হৈছিল অসমীয়া ছবিৰ প্ৰথমজন ছুপাৰষ্টাৰ বিজু ফুকন। ৮০ খনতকৈও অধিক অসমীয়া ছবিত অভিনয় কৰা বিজু ফুকনে ১৯৭০ চনত ব্ৰজেন বৰুৱাৰ ডা০ বেজবৰুৱা ছবিখনত প্ৰথমবাৰলৈ ভুমুকি মাৰিছিল। বোৱাৰী, অপৰূপা, পিতা–পুত্ৰ, ভাই–ভাই, বৰুৱাৰ সংসাৰ আদি অলেখ ছুপাৰ হিট ছবিত অভিনয় কৰা বিজু ফুকনৰ অন্তিমখন ছবি আছিল দ্যা আণ্ডাৰৱৰ্ল্ড।

মৃত্যুৰ আগমুহূৰ্তলৈকে অসমীয়া ছবিৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল বিজু ফুকনে। অসমীয়া ছ‍বিৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল বিজু ফুকনে। অভিনেতা যতীন বৰাৰ কেৰিয়াৰত বিজু ফুকনৰ প্ৰভাৱো আছিল যথেষ্ট, এই কথা যতীন বৰায়ো স্বীকাৰ কৰা দেখা যায়। আজি বিজু দাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা ৰাজ্যবাসীয়ে স্মৰণ কৰে মৰমৰ অভিনেতাজনক। যদিও কায়িক ভাবে বিজু দা আমাৰ মাজত নাই, তথাপিও অসমীয়া ছবিলৈ বিজু দাই আগবঢ়োৱা অৱদান সদায়েই সজীৱ হৈ থাকিব অসমীয়া সমাজ জীৱনত।

বিজু ফুকন অভিনীত এটা ছুপাৰহিট গান



বিজু দাৰ অভিনয়

আৰু চাওক
পৰৱৰ্তী বাতৰি