প্ৰমোদ বড়ো নেতৃত্বাধীন অস্ত্ৰমুক্ত বিটিচিত নিশা গুলীচালনা৷ বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত মেশগুৰী পুখুৰীপাৰত নিশা অস্ত্ৰধাৰী তিনি অচিনাক্ত দুৰ্বৃত্তই এজন খেতিয়কৰ ঘৰত টাৰ্গেট কৰি গুলীচালনা কৰে। তিনিওজন যুৱকে মুখত ক’লা কাপোৰ বান্ধি অঞ্চলটোৰ কৃষ্ণ দাস নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা।
প্ৰথমতে পৰিয়ালৰ লোকক টোপনিৰ পৰা উঠাই ভয়-ভাবুকি দিয়ে আৰু তাৰ পিছতে প্ৰতিটো শোৱনি কোঠাত প্ৰৱেশ কৰে দুৰ্বৃত্তৰ দলটো। কথমপি পৰিয়ালৰ এজন সদস্যই ঘৰৰ খিৰিকীৰে পলায়ন কৰি স্থানীয় লোকক মাতি চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে গুলীচালনা কৰি পলায়ন কৰে। কৃষ্ণ দাসৰ লগতে তেওঁৰ পত্নী সুমতী দাসকো ভাবুকি দুৰ্বৃত্তৰ দলৰ। পৰিয়ালৰটোৰ ঘৰৰ কাষতে থকা মটঙা নৈৰ মাজেৰে পলাই যায় দুৰ্বৃত্তৰ দলটো।
ঘটনাৰ খবৰ পোৱা মাত্ৰকে কুমাৰীকাটা আৰক্ষী আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষয়া মনোৰঞ্জন মেধি উপস্থিত হয় ঘটনাস্থলীত। আৰু পৰিয়ালটোৰ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে 9 MM পিষ্টলৰ গুলীৰ অৱশিষ্ট। নিশাই ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াই উপস্থিত হৈ আৰম্ভ কৰে অনুসন্ধান। ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও নিশা অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ আতংকৰ।
যি সময়ত বিটিচিত অস্ত্ৰমুক্ত, বন্দুকৰ ভয় ভাবুকি নোহোৱা হ’ল বুলি চৰ্চা চলি আহিছে তেনে অৱস্থাত এই গুলীচালনাৰ ঘটনাই পুনৰবাৰ ভবাই তুলিছে যে বিটিচিত এতিয়াও চলি আছে নেকি অস্ত্ৰধাৰীৰ দপদপনি!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|