
ঘটনাস্থলীত বিধায়ক, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ। গুলীচালনাত জড়িতৰ সন্দেহত দুজন লোকক আটক কৰা হৈছে।
ঘটনাস্থলীত বিধায়ক, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ। গুলীচালনাত জড়িতৰ সন্দেহত দুজন লোকক আটক কৰা হৈছে।
লামডিঙৰ শিমলুতলাত নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। প্ৰাক্তন ৰে’লৱে কৰ্মচাৰীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। গুলীবিদ্ধ লোকজনৰ নাম তৰুণ চক্ৰৱৰ্তী। মূৰত আৰু ডিঙিত গুলী লাগে লোকজনৰ। গুলীচালনা কৰি পলায়ন কৰে স্কুটীত অহা দুই দুৰ্বৃত্তই।
নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় তৰুণ চক্ৰৱৰ্তীক। ঘটনাস্থলীত বিধায়ক, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ। গুলীচালনাত জড়িতৰ সন্দেহত দুজন লোকক আটক কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|