বঙাইগাঁৱৰ মাণিকপুৰ থানাৰ অন্তৰ্গত কুৰ্শামাৰীত বৃহস্পতিবাৰে সন্ধিয়া এক গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ বাইকত অহা দুৰ্বৃত্তৰ গুলীত আহত হয় এজন যুৱক। যুৱকজন চিৰাঙৰ ২নং গৰাইমাৰীৰ ৰফিকুল ইছলাম (২৫) বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, ৰফিকুল আৰু নবেৰ আলী নামৰ যুৱকজনে পাতিলাদহা বজাৰৰ পৰা নিজ ঘৰলৈ গৈ আছিল৷ আদবাটতে দুখন বাইকৰ কাষত ৰৈ থকা পাঁচজনীয়া এটা দুৰ্বৃত্তৰ দলে দুয়োকে ৰ’বলৈ নিৰ্দেশ দিয়ে ৷ ৰফিকুলে বাইকখনৰ গতি কম কৰাৰ লগে লগে দলটোৰ মাজৰ এজনে বন্দুক উলিয়াই গুলীচালনা কৰে৷ ইয়াৰ পিছতে তীব্ৰবেগত বাইক চলাই ৰফিকুলে সেই স্থান ত্যাগ কৰে আৰু স্থানীয় বজাৰ এখনত আহি চিনাকী লোকৰ আগত ঘটনা বিৱৰি কয়৷
আহত ৰফিকুলক ততাতৈয়াকৈ বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ আহত ৰফিকুলৰ ককালৰ তলত গুলী লাগিছে যদিও বিপদ মুক্ত বুলি জানিব পৰা গৈছে৷ ঘটনাত জড়িত পাঁচজনৰ ভিতৰত আহেব আলী, চালিমুদ্দিন আৰু আইবৰ আলীক ৰফিকুলে চিনাক্ত কৰিছে৷ এওঁলোকৰ দুজনে ৰফিকুলক আঙুলি টোৱাই চিনাক্ত কৰাৰ পিছতে হাতত হস্তনিৰ্মিত বন্দুক লৈ থকা অচিনাক্ত এজনে গুলীচালনা কৰিছিল বুলি জানিবলৈ দিয়ে ৷
২নং গৰাইমাৰীৰ এই তিনিজনৰ সৈতে পূৰ্বৰে পৰা ৰফিকুলৰ কাজিয়া আছিল আৰু পাণবাৰী থানাত গোচৰো ৰুজু হৈছিল ৷ ব্যক্তিগত শত্ৰুতাৰ বাবেই এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ ইতিমধ্যে বঙাইগাঁও আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে চিকিৎসালয়ত উপস্থিতি হৈ তদন্ত কৰাৰ লগতে মাণিকপুৰত গৈ অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 12, 2021, 09:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।