ওদালগুৰিত তিনি দুৰ্বৃত্তই ঘৰতে গুলীয়াই থৈ গ’ল এজন যুৱকক

News18-Assam
Updated:July 26, 2019, 10:18 AM IST
ওদালগুৰিত তিনি দুৰ্বৃত্তই ঘৰতে গুলীয়াই থৈ গ’ল এজন যুৱকক
ঘটনাৰ পিছতে স্থানীয় ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ২ দুৰ্বৃত্তক।

ঘটনাৰ পিছতে স্থানীয় ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ২ দুৰ্বৃত্তক।

  • Share this:
ওদালগুৰিৰ বকুলতলাত গুলীচালনাৰ ঘটনা। গুলীচালনাত গুৰুতৰভাৱে আহত হয় মোছা আলী নামৰ এজন যুৱক। তিনি দুৰ্বৃত্তই ঘৰতে গুলীয়াই থৈ যায় যুৱকজনক। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে স্থানীয় ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ২ দুৰ্বৃত্তক। ৰাইজে কৰায়ত্ত কৰা দুৰ্বৃত্ত দুটাৰ নাম আমিৰুদ্দিন ওৰফে কালিয়া আৰু সমীৰ আলী। পিছত ঘটনাস্থলীত ওদালগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্ত দুটাক আটক কৰাৰ লগতে উদ্ধাৰ কৰে ঘটনাত ব্যৱহাৰ হোৱা হস্তনিৰ্মিত পিষ্টলটো।
First published: July 26, 2019, 10:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading