তিতাবৰত যুৱকলৈ লক্ষ্য কৰি গুলীচালনা, আটক দুৰ্বৃত্ত

News18-Assam
Updated:August 31, 2019, 8:05 AM IST
তিতাবৰত যুৱকলৈ লক্ষ্য কৰি গুলীচালনা, আটক দুৰ্বৃত্ত
কোনো কাৰণ নোহোৱাকৈয়ে কেইবাগৰাকীও বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতে ৰঞ্জনলৈ লক্ষ্য কৰি গুলীচালনা কৰে ধ্ৰুৱই।

কোনো কাৰণ নোহোৱাকৈয়ে কেইবাগৰাকীও বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতে ৰঞ্জনলৈ লক্ষ্য কৰি গুলীচালনা কৰে ধ্ৰুৱই।

  • Share this:
তিতাবৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয় আৰু তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ সমীপত শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত ৰঞ্জন বৰুৱা নামৰ এজন স্থানীয় যুৱকলৈ লক্ষ্য কৰি গুলীচালনা কৰে আমগুৰিখাটৰ ধ্ৰুৱ নামৰ এজন যুৱকে। কোনো কাৰণ নোহোৱাকৈয়ে কেইবাগৰাকীও বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতে ৰঞ্জনলৈ লক্ষ্য কৰি গুলীচালনা কৰে ধ্ৰুৱই।

ঘটনাৰ পিছতে তিতাবৰ আৰক্ষীয়ে আটক কৰে ধ্ৰৱক। আৰক্ষীয়ে যুৱকজনৰ পৰা সজীৱ গুলীসহ এটা .22 পিষ্টল জব্দ কৰে। ধৃত যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে ভৰিত গুলী লাগি আহত হোৱা ৰঞ্জন বৰুৱাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading