உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰ পালহাজীত নিশা গুলীচালনা, ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁই গুলী!

    বৰপেটাৰ পালহাজীত নিশা গুলীচালনা, ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁই গুলী!

    তিনিজাঁই গুলী ফুটাই মটৰ চাইকেলেৰে আতৰি যায় দুই যুৱক৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ আৰু আন দুটা সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷

    তিনিজাঁই গুলী ফুটাই মটৰ চাইকেলেৰে আতৰি যায় দুই যুৱক৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ আৰু আন দুটা সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷

    তিনিজাঁই গুলী ফুটাই মটৰ চাইকেলেৰে আতৰি যায় দুই যুৱক৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ আৰু আন দুটা সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷

    • Share this:
    বৰপেটাৰ পালহাজীত নিশা গুলীচালনাৰ ঘটনা৷ ড্ৰাগছ ব্যৱসায়ৰ ঘাটি হিচাপে পৰিচিত বৰপেটাৰ পালহাজীত ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁইকৈ গুলী৷ নামনি অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰ উক্ত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ বিষয়ে আৰক্ষীক খবৰ দিয়াৰ সন্দেহতে আলিপ হুছেইন নামৰ লোকজনৰ ঘৰৰ সন্মুখত ড্ৰাগছ মাফিয়াই চলালে গুলী৷
    নিশা প্ৰায় ১১ বজাত সংঘটিত এই গুলীচালনাৰ ঘটনাৰ পিছৰে পৰাই আতংকত ভুগিছে আলিপ হুছেইনৰ পৰিয়াল৷

    প্ৰত্যক্ষদৰ্শীৰ মতে, তিনিজাঁই গুলী ফুটাই মটৰ চাইকেলেৰে আতৰি যায় দুই যুৱক৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ আৰু আন দুটা সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনাটোৰ পিছতেই বৰপেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত এজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰা বুলি গাঁওবাসীয়ে জানিবলৈ দিছে যদিও আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে এতিয়াও কোনো কথাই সদৰি কৰাৰ পৰা বিৰত আছে৷

    ইপিনে ড্ৰাগছ ব্যৱসায়েৰে বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ সন্দেহত আৰক্ষীয়ে ইতিপূৰ্বে ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ ঘৰৰ পৰা এখন এক্সকেভেটৰ আৰু দুখনকৈ ট্ৰেক্টৰ জব্দ কৰা বুলি জানিব পৰা গৈছে৷ এই গুলীচালনাৰ ঘটনাক লৈ সমগ্ৰ পালহাজী অঞ্চলত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে৷
    Published by:Sanjay Kumar Das
    First published: