নগাঁৱত পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীলৈ জধে–মধে গুলীচালনা দুৰ্বৃত্তৰ দলৰ, চিনেমাৰ কায়দাৰে লুটি নিলে ধন

ৰাজু জৈনে বেংকত ধন জমা দিবলৈ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে বাইকেৰে আহি জধে–মধে গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে।

News18-Assam
Updated:October 11, 2019, 12:22 PM IST
নগাঁৱত পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীলৈ জধে–মধে গুলীচালনা দুৰ্বৃত্তৰ দলৰ, চিনেমাৰ কায়দাৰে লুটি নিলে ধন
ৰাজু জৈনে বেংকত ধন জমা দিবলৈ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে বাইকেৰে আহি জধে–মধে গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে।
News18-Assam
Updated: October 11, 2019, 12:22 PM IST
নগাঁৱৰ কঠিয়াতলীৰ এঘাৰ মাইলত দিন দুপৰতে গুলীচালনা৷ এঘাৰ মাইলস্থিত এইচ পি পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীলৈ গুলীচালনা কৰি লুটি নিলে ধন। ভৰিত গুলী লগাৰ ফলত গুৰুতৰভাৱে আহত হয় ৰাজু জৈন নামৰ কৰ্মচাৰীজন। বাইকত আহিছিল ৬ জনীয়া দুৰ্বৃত্তৰ দলটো। ৰাজু জৈনে বেংকত ধন জমা দিবলৈ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে বাইকেৰে আহি জধে–মধে গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে। আহত ৰাজু জৈনক স্থানীয় লোকে নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি