ক্ষেত্ৰীত চিনেমাৰ কায়দাৰে ব্যৱসায়ীলৈ গুলীচালনা, গাড়ী চলাই গৈ থকা অৱস্থাতে গুলীয়ালে দুৰ্বৃত্তই

News18 Assam | News18-Assam
Updated:July 29, 2020, 8:40 PM IST
ক্ষেত্ৰীত চিনেমাৰ কায়দাৰে ব্যৱসায়ীলৈ গুলীচালনা, গাড়ী চলাই গৈ থকা অৱস্থাতে গুলীয়ালে দুৰ্বৃত্তই
সাংকেতিক ছ‍বি

লগে লগে ব্যৱসায়ীজনে ক্ষেত্ৰী থানাত উপস্থিত হৈ ঘটনাৰ সৱিশেষ অৱগত কৰে।

  • Share this:
ক্ষেত্রীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। মৰিগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী ৰাকেশ কুমাৰ ৰাঠীয়ে নিজৰ বাহনৰে গুৱাহাটীলৈ গৈ থকা অৱস্থাত ক্ষেত্ৰীৰ খালৈবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যৱসায়ীজনলৈ বুলি ৰঙা ৰঙৰ এল্ট’ বাহনৰ পৰা অচিনাক্ত দুৰ্বত্তই গুলীচালনা কৰে। ফলত ব্যৱসায়ীজনৰ বাহনখনৰ দুৱাৰৰ আইনা ভাগি চূৰ্ণ–বিচূৰ্ণ হয়। প্ৰথম অৱস্থাত ব্যৱসায়ীজনে একো ধৰিব পৰা নাছিল যদিও গাড়ীৰ ভিতৰত এটা গুলী প্ৰত্যক্ষ কৰি এয়া গুলীচালনাৰ ঘটনা বুলি নিশ্চিত হয়।

লগে লগে ব্যৱসায়ীজনে ক্ষেত্ৰী থানাত উপস্থিত হৈ ঘটনাৰ সৱিশেষ অৱগত কৰে। আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে। ব্যৱসায়ীজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁক কোনো অচিনাক্ত লোকে যোৱা ৩০ মে'ত ধনদাবী কৰি ফোনেৰে ভাবুকি প্ৰদান কৰিছিল। এই সন্দৰ্ভত তেওঁ মৰিগাঁও আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিল কৰিছিল বুলিও অৱগত কৰে।
Published by: Sanjay Kumar Das
First published: July 29, 2020, 8:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি