গোলাঘাটত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দপদপনি, প্ৰথমে যুৱতীক গুলীচালনা, তাৰ পিছত টাৰ্গেট এটা পৰিয়াল, তাৰ মাজতে উদ্ধাৰ পিষ্টল

দেওবাৰে পুৱতিনিশা এৰেঙাপাৰাত এগৰাকী যুৱতীক পুৱতিনিশা প্ৰায় ৩ বজাত গুলীয়াই আহত কৰে দুৰ্বৃত্তই।

News18-Assam
Updated:October 29, 2019, 3:32 PM IST
গোলাঘাটত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দপদপনি, প্ৰথমে যুৱতীক গুলীচালনা, তাৰ পিছত টাৰ্গেট এটা পৰিয়াল, তাৰ মাজতে উদ্ধাৰ পিষ্টল
দেওবাৰে পুৱতিনিশা এৰেঙাপাৰাত এগৰাকী যুৱতীক পুৱতিনিশা প্ৰায় ৩ বজাত গুলীয়াই আহত কৰে দুৰ্বৃত্তই।
News18-Assam
Updated: October 29, 2019, 3:32 PM IST
গোলাঘাটত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস। দেওবাৰে পুৱতিনিশা এগৰাকী যুৱতীক ঘৰৰ ভিতৰত সোমাই গুলীচালনা কৰি আহত কৰাৰ পিছত যোৱা নিশা পুনৰ এটা পৰিয়াললৈ লক্ষ্য কৰি গুলীচালনা কৰিলে দুৰ্বৃত্তই। গোলাঘাটৰ জোনাকী নগৰৰ চেনীৰাম গগৈৰ বাসগৃহলৈ নিশা গুলীচালনা কৰে দুৰ্বৃত্তই। দীপাৱলীৰ আতচবাজীৰ শব্দৰ সুযোগ লৈ এইদৰে পৰিয়ালটোক লক্ষ্য কৰি লয় দুৰ্বৃত্তই। অৱশ্যে পৰিয়ালটোৰ কোনো লোক আহত হোৱা নাই গুলীচালনাত।

ইফালে, গোলাঘাটৰ তপন নগৰৰ ৰাজপথত এটা কিশোৰে উদ্ধাৰ কৰিলে এটা পিস্তল। ১০ বছৰীয়া কিশোৰটোৱে এটা .22 পিস্তল আৰু এটা খালr কাৰ্টিজ উদ্ধাৰ কৰি চমজাই দিয়ে আৰক্ষীক।

উল্লেখযোগ্য যে দেওবাৰে পুৱতিনিশা এৰেঙাপাৰাত এগৰাকী যুৱতীক পুৱতিনিশা প্ৰায় ৩ বজাত গুলীয়াই আহত কৰে দুৰ্বৃত্তই। আহত যুৱতীগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে JMCHলৈ নিয়া হয়। যোৰহাট মেডিকেল কলেজৰ পৰা উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয় যুৱতীগৰাকীক। যুৱতীগৰকীৰ বাউসীত লাগে দুৰ্বৃত্তৰ গুলী। ঘটনা সন্দৰ্ভত গোলাঘাট থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। গুলীচালনা কৰা যুৱকজনক আৰক্ষীয়ে চিনাক্ত কৰিছে যদিও এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি