গোলাঘাটত পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ গুলীচালনা, গাড়ীৰ পৰা নামি ১২ জাঁই গুলীচালনা দুৰ্বৃত্তৰ দলৰ

News18 Assam | News18-Assam
Updated:January 3, 2020, 7:52 AM IST
গোলাঘাটত পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ গুলীচালনা, গাড়ীৰ পৰা নামি ১২ জাঁই গুলীচালনা দুৰ্বৃত্তৰ দলৰ
CAAৰ বিৰুদ্ধে মাত মতাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ

CAAৰ বিৰুদ্ধে মাত মতাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ

  • Share this:
গোলাঘাটত নিশা দুৰ্বৃত্তৰ গুলীচালনা। ঢেকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীতা ৰাজখোৱাৰ ঘৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে দুৰ্বৃত্তৰ দলে। গণকপুখুৰী হাবিয়াল গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ৰীতা ৰাজখোৱাৰ ঘৰলৈ অহা বিনয় বৰা নামৰ লোকজনৰ বাহনলৈ লক্ষ্য কৰিও গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে। ক’লা ৰঙৰ গাড়ীত আহিছিল দুৰ্বৃত্তৰ দলটো। গাড়ীৰ পৰা নামিয়ে গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে। নিশাই ঘটনাস্থলীত উপস্থিত হয় গোলাঘাটৰ আৰক্ষী অধীক্ষক। পুৱতি নিশালৈকে দুৰ্বৃত্তৰ দলটোৰ সন্ধানত অনুসন্ধান চলায় আৰক্ষীয়ে।

CAAৰ বিৰুদ্ধে মাত মতাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। বৃহস্পতিবাৰে দেৰগাঁৱত CAAবিৰোধী সভা অনুষ্ঠিত হৈছিল। এই সভাৰ নেতৃত্ব লৈছিল ৰীতা ৰাজখোৱা আৰু বিনয় বৰাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি