ডুমডুমাত ঘৰৰ চোতালতে এজনক গুলীয়াই থৈ গ’ল দুৰ্বৃত্তই

গুৰুতৰভাৱে আহত জিতুল মৰাণক ডুমডুমা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়।

News18-Assam
Updated:October 4, 2019, 9:16 AM IST
ডুমডুমাত ঘৰৰ চোতালতে এজনক গুলীয়াই থৈ গ’ল দুৰ্বৃত্তই
গুৰুতৰভাৱে আহত জিতুল মৰাণক ডুমডুমা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়।
News18-Assam
Updated: October 4, 2019, 9:16 AM IST
তিনিচুকীয়াৰ ডুমডুমাত গুলীচালনা। বাঘজান থানা অন্তর্গত জকাইচুক গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। একে গাঁৱৰে ৰমেন মৰাণ নামৰ লোকজনে বাইকেৰে আহি জিতুল মৰাণ নামৰ লোকজনক ঘৰৰ চোতালতে শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰে। গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰমেন মৰাণে। গুৰুতৰভাৱে আহত জিতুল মৰাণক ডুমডুমা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়। চিকিৎসকে জানিবলৈ দিয়া মতে জিতুল মৰাণৰ পেটত এটা গুলী লাগিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰমেন মৰাণ বিভিন্ন অসামাজিক কাৰ্যৰ সৈতে জড়িত। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল, তিনি জাঁই সজীৱ গুলী আৰু এটা খালী কার্টিজ উদ্ধাৰ কৰিছে। কি কাৰণত জিতুল মৰাণক গুলীয়ালে সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই। বৰ্তমানলৈ ৰমেন মৰাণক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

জানিব পৰা মতে, ৰমেন মৰাণ আৰু জিতুল মৰাণে একেলগে গৰুৰ চোৰাং ব্যৱসায় কৰিছিল। টকাৰ ভাগ–বটোৱাৰাক লৈ দুয়োৰে মাজত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিতে এই গুলীচালনাৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি