ঢেকীয়াজুলিত ব্যৱসায়ীলৈ গুলীচালনা কৰি কাঢ়ি নিলে টকাৰ বেগ

News18-Assam
Updated:November 25, 2019, 8:11 AM IST
ঢেকীয়াজুলিত ব্যৱসায়ীলৈ গুলীচালনা কৰি কাঢ়ি নিলে টকাৰ বেগ
দেওবাৰে সন্ধিয়া ঢেকীয়াজুলি নগৰৰ মাজ–মজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উভতি অহাৰ পথত ব্যৱসায়ী ধৰমচান্দ পাণ্ডিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে।

দেওবাৰে সন্ধিয়া ঢেকীয়াজুলি নগৰৰ মাজ–মজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উভতি অহাৰ পথত ব্যৱসায়ী ধৰমচান্দ পাণ্ডিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে।

  • Share this:
অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে শোণিতপুৰ জিলাৰ ছহিদ নগৰী ঢেকীয়াজুলি৷ এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হোৱা ঢেকীয়াজুলিত এইবাৰ এজন ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰি দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগ। ঢেকীয়াজুলি থানাৰ সমীপতে সংঘটিত হ’ল এই ঘটনা।

দেওবাৰে সন্ধিয়া ঢেকীয়াজুলি নগৰৰ মাজ–মজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উভতি অহাৰ পথত ব্যৱসায়ী ধৰমচান্দ পাণ্ডিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে। ঘৰৰ সন্মুখতে দূৰ্বৃত্তই আক্ৰমণ কৰে লোকজনক। গাত গুলী নলগাত শিলেৰে মৰিয়াই ব্যৱসায়ীজনক আহত কৰি কাঢ়ি নিয়ে টকাৰ বেগ।

গুলীচালনাৰ শব্দ শুনি অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়। আঘাতপ্ৰাপ্ত ব্যৱসায়ীজনক লগে লগে ঢেকীয়াজুলিৰ ৩০খন বিচনাযুক্ত মনবৰ নাথ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। বেগটোত কিমান ধন আছিল তাৰ সঠিক হিচাপ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত এটা খালী কাৰ্টিজ, এটা টুপি আৰু এযোৰ চেণ্ডেল উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি