গুৱাহাটী মহানগৰত গুলি চালনাৰ ঘটনা, এজনৰ মৃত্যু

পাঁচ জনীয়া এটা দুৰ্বৃত্তৰ দলে এখন ৰদৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি গুলীচালনা কৰে

News18-Assam
Updated:September 12, 2019, 7:46 PM IST
গুৱাহাটী মহানগৰত গুলি চালনাৰ ঘটনা, এজনৰ মৃত্যু
সাংকেতিক ফটো
News18-Assam
Updated: September 12, 2019, 7:46 PM IST
গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে সংঘটিত হয় গুলি চালনাৰ ঘটনা। মহানগৰৰ কুমাৰপাৰাত সংঘটিত হয় এই ঘটনা। পাঁচ জনীয়া এটা দুৰ্বৃত্তৰ দলে এখন ৰদৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীচালনাত শ্যাম চন্দ্ৰ শৰ্মা নামৰ প্ৰতিস্থানটোৰ কৰ্মচাৰী এজন গুলিবিদ্ধ হয়।

পিছত শৰ্মাক সংকট জনক অৱস্থাত এপল' হাস্পাতালত ভৰ্তি কৰোৱা যদিও চিকিৎসালয়তে মৃত্যু মুখত পৰে। প্ৰতিষ্ঠান খনৰ কৰ্মচাৰীয়ে উল্লেখ কৰে যে, ধন দাবী কৰিবলৈ আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী।
আৰু চাওক পৰৱৰ্তী বাতৰি