নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফ (CRPF) কেম্পত শনিবাৰে নিশা সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা। চিআৰপিএফৰ দুই জোৱানৰ মাজত সৃষ্টি হোৱা তৰ্ক-বিৰ্তকৰ পিছতে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই গুলীয়াগুলীত গুৰুতৰভাৱে আহত হৈছে দুয়োগৰাকী চিআৰপিএফৰ জোৱান। পিছে কিহৰ বাবে এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
এই গুলীয়াগুলিৰ ফলত আহত হোৱা চিআৰপিএফৰ জোৱান দুজন হৈছে ত্ৰিপুৰাৰ ৰাজু শীল আৰু বৰপেটাৰ জেহিৰুল ইছলাম। অৱশ্যে ৰাজু আৰু জেহিৰুলৰ মাজত কি কাৰণত গুলীয়াগুলিৰ ঘটনা সংঘটিত হ'ল সেইবিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে দুয়োগৰাকীকে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত চিআৰপিএফৰ উচ্চপদস্থ বিষয়াসকলে তদন্ত অব্যাহত ৰাখিছে।