আৰক্ষী-KPLTৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, উগ্ৰপন্থীৰ কবলৰ পৰা উদ্ধাৰ এজনক

কাৰ্বি আংলঙৰ জাইপং আৰু লংনিটত নিশা আৰক্ষী আৰু চি আৰ পি এফৰ উগ্ৰপন্থীবিৰোধী অভিযান।

news18assam
Updated:May 21, 2019, 10:09 AM IST
আৰক্ষী-KPLTৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, উগ্ৰপন্থীৰ কবলৰ পৰা উদ্ধাৰ এজনক
কাৰ্বি আংলঙৰ জাইপং আৰু লংনিটত নিশা আৰক্ষী আৰু চি আৰ পি এফৰ উগ্ৰপন্থীবিৰোধী অভিযান।
news18assam
Updated: May 21, 2019, 10:09 AM IST
কাৰ্বি আংলঙৰ জাইপং আৰু লংনিটত নিশা আৰক্ষী আৰু চি আৰ পি এফৰ উগ্ৰপন্থীবিৰোধী অভিযান। অভিযানকালত জাইপং আৰু লংনিটত আৰক্ষী আৰু উগ্ৰপন্থী সংগঠন কে পি এল টিৰ এটা দলৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলি।

আৰক্ষী–চিআৰপিএফৰ দলটোৱে উগ্ৰপন্থীৰ কবলৰ পৰা উদ্ধাৰ কৰে এজন জে চি বি চালকক। আদিল হুছেইন নামৰ চালকজনক অপহৰণ কৰি কে পি এল টিয়ে দাবী কৰিছিল ২৫ লাখ টকা। পিছত ৫ লাখ ৫০ হাজাৰ টকা মুক্তিপণত সন্মত হৈছিল অপহৰণকাৰী। মুক্তিপণ নিবলৈ আহি আৰক্ষী–চিআৰপিএফৰ দলটোৰ মুখামুখি হয় দলটো। তাৰ পিছতে দুয়োপক্ষৰ মাজত চলে গুলীয়াগুলি।

ঘটনাস্থলীত অপহৃত লোকজনক এৰি পলায়ন কৰে উগ্ৰপন্থীৰ দলটো। অপহৃত লোকজনক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে কে পি এল টিৰ আলোচনাবিৰোধী শিবিৰৰ উপ-সেনাধ্যক্ষ মেনছিং টকবীক।
আৰু চাওক পৰৱৰ্তী বাতৰি