ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বুধবাৰে হোজাই জিলাৰ কোভিড পৰিস্থিতি বুজ ল’বলৈ হোজাই ভ্ৰমণ কৰাৰ দিনটোতেই লামডিং সংৰক্ষিত বনাঞ্চলত বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ। বনকৰ্মীৰ টহলদাৰী দলক লক্ষ্য কৰি বন মাফিয়াই কৰিছিল গুলীচালনা। প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও গুলীচালনা কৰাত তিনিজনীয়া বন মাফিয়াৰ দলটোৰ দুজন পলায় যায় যদিও এটাক বন্দুকসহ কৰায়ত্ত কৰে বন কৰ্মীৰ দলে।
বনকৰ্মীয়ে কৰায়ত্ত কৰা বন মাফিয়াটো ৩নং চাৰ্কে বস্তিৰ ৰেকিব আলী বুলি চিনাক্ত কৰা হৈছে। লগতে তেওঁৰ পৰা বনকৰ্মীয়ে উদ্ধাৰ কৰিছে এটা হস্তনির্মিত বন্ধুক, বাৰুদ আৰু গুলী।
ইফালে, পলায়ন কৰা দুই বন মাফিয়াৰ হাততো বন্দুক আছিল বুলি বনাঞ্চলিক বিষয়াই কৰিছে মন্তব্য। ফলত পলাতক দুই বন মাফিয়াৰ সন্ধান উলিয়াবলৈ ধৃত ৰেকিব আলীক বনকৰ্মীয়ে চলাই আছে জেৰা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|