গৃহ প্ৰৱেশৰ দিনাই অথন্তৰ। আটোমটোকাৰীকৈ সাজি উলিওৱা নতুন ঘৰত প্ৰৱেশৰ যো-জা কৰোতেই লাগিল কেণা। গৃহ প্ৰৱেশৰ অনুষ্ঠানৰ মাজতে সংঘটিত হ'ল অগ্নিকাণ্ড। গৃহীণীৰ আখলঘৰতেই অগ্নিকাণ্ডৰ সূত্ৰপাত।
এই অবাঞ্চিত ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ বইটামাৰীত ৷ নানকাৰগাঁৱৰ ৰজৱ হুছেইনৰ বাসগৃহত আজি গৃহপ্ৰবেশৰ দিনাই সংঘটিত হয় এই অগ্নিকাণ্ড ৷ গেছৰ চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। এই অগ্নিকাণ্ডত গৃহস্থসহ দুজন লোক আহত হৈছে। স্থানীয় ৰাইজ আৰু নিমন্ত্ৰিত অতিথিয়ে মিলি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
অগ্নিকাণ্ডটোত প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি জাহ যায় বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডটোত আহত হয় ঘৰৰ গৰাকী ৰজৱ হুছেইন আৰু দছতৰ আলি ৷ আহত দছতৰ আলি আৰু ৰজব হুছেইনক বিদ্যাপুৰ সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : August 04, 2021, 23:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।