নিশাৰ মহানগৰীত ভয়ংকৰ কাণ্ড! ফাঁচী বজাৰৰ JB's সন্মুখত কোনে লগালে জুই!

ঘটনাত জড়িত আছে এটা দুৰ্বৃত্ত৷ নিশাৰ আন্ধাৰৰ সুযোগত এই দুৰ্বৃত্তটো আহিছিল জেবিজ প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰিবলৈ৷
ঘটনাত জড়িত আছে এটা দুৰ্বৃত্ত৷ নিশাৰ আন্ধাৰৰ সুযোগত এই দুৰ্বৃত্তটো আহিছিল জেবিজ প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰিবলৈ৷
- News18 Assam
- Last Updated: September 8, 2020, 6:37 PM IST
ঘটনাত জড়িত আছে এটা দুৰ্বৃত্ত৷ নিশাৰ আন্ধাৰৰ সুযোগত এই দুৰ্বৃত্তটো আহিছিল জেবিজ প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰিবলৈ৷ CCTVত ধৰা পৰিছে জুইৰ সূত্ৰপাত কৰাৰ দৃশ্য৷ পদপথেৰে খোজকাঢ়ি অহা এজন যুৱকে হঠাৎ স্কুটীলৈ নিক্ষেপ কৰে দাহ্য পদাৰ্থ৷ চাৰিখন স্কুটীত দাহ্য পদাৰ্থখিনি ছটিয়াই পিছত মেজৰ কাঠি লগাই বাহনকেইখনত৷
ইমানে নহয়, জুই লগাই দেহত কঢ়িয়াই লৈ অহা এখন কাপোৰেৰে চাৰিখন বাহন সংযোগ কৰে দুৰ্বৃত্তটোৱে৷ অৱশ্যে সৌভাগ্যক্ৰমে কিছুসময় পিছতে ঘটনাস্থলীত উপস্থিত হয় ফাঁচী বজাৰ আৰক্ষী চকীৰ টহলদাৰী আৰক্ষী৷ জুই নিৰ্বাপনৰ বাবে আৰক্ষীয়ে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক৷