নিশা ধুবুৰীৰ ভোগডহৰ কলাপাকানী গাঁৱত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত ভস্মীভূত হয় এটা পৰিয়ালৰ বাসগৃহ, মৃত্যু হয় কেইবাটাও পশুধনৰ। ঘৰটোৰ সকলো সা–সামগ্ৰী জুইত জাহ যায়।
কালাপাকানী গাঁৱৰ ইনছাব আলীৰ ঘৰত নিশা জুই লাগি ভস্মীভূত হয় তেওঁৰ বাসগৃহটো। কেইবালাখ টকাৰ সা–সামগ্ৰী জুইত জাহ যায়। কেইবাটাও পশুধনৰ মৃত্যু হয় এই অগ্নিকাণ্ডত। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।