সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিটা ঘৰ। সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডৰ ভৱানীপূৰৰ নিবাসী শংকৰ দত্তৰ ভাড়াঘৰত আজি পুৱা প্ৰায় ৯.১৫ বজাত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ যায় দত্তৰ তিনিটাকৈ বাসগৃহ। ধ্বংস হয় লক্ষধিক টকাৰ সা সম্পত্তি।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডটোত তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে এখন বাইক জুইত জাহ যায়। অগ্ননিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|