• Home
  • »
  • News
  • »
  • assam
  • »
  • ঘৰৰ পৰা গৃহস্থ ওলাই যোৱাৰ কিছুসময় পিছতেই অঘটন, চাৰখাৰ হৈ পৰিল মৰমৰ ঘৰটো

ঘৰৰ পৰা গৃহস্থ ওলাই যোৱাৰ কিছুসময় পিছতেই অঘটন, চাৰখাৰ হৈ পৰিল মৰমৰ ঘৰটো

অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও সমগ্ৰ ঘৰটো জুইত জাহ যায়।

অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও সমগ্ৰ ঘৰটো জুইত জাহ যায়।

অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও সমগ্ৰ ঘৰটো জুইত জাহ যায়।

  • Share this:
যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধাৰ পাইপলাইন মিলন পথৰ মনোজ শইকীয়া নামৰ লোকজনৰ বাসগৃহত শুকুৰবাৰে দুপৰীয়া সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত বাসগৃহটোত নাছিল কোনো লোক। ঘৰত কোনো লোক নথকা অৱস্থাত বাসগৃহটোৰ গোসাঁইগৃহৰ চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে।

কম সময়ৰ ভিতৰতে জুয়ে ভয়ংকৰ ৰূপ লয় আৰু চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত সমগ্ৰ ঘৰটো জুইত জাহ যায়। আনহাতে স্থানীয় লোকে জানিবলৈ দিয়া মতে, এই অঞ্চলটোৰ বাসগৃহসমূহলৈ যোৱা পথটো অতি ঠেক হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ ব্যাপক সমস্যাৰ সন্মুখীন হয়। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও সমগ্ৰ ঘৰটো জুইত জাহ যায়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি