এক ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়। কলগাছিয়াৰ এগৰাকী চিকিৎসক আৰু ৰাইজৰ তৎপৰতাত ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে চিকিৎসালয়খন। অগ্নিকাণ্ডৰ ধোঁৱাই চিকিৎসালয় ছানি ধৰাত ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ। নাৰ্ছৰ কোঠাৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট ছাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
নিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই চিকিৎসালয়ত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে আতংকত বিছনা এৰি দৌৰি বাহিৰলৈ ওলাই আহে শতাধিক ৰোগীয়ে। ইয়াৰ মাজতে আছিল প্ৰসূতি বিভাগৰ ৰোগীৰ লগতে অস্ত্ৰপচাৰৰ ৰোগী।
ডাঃ ছাজিদুৰ ৰহমান নামৰ কলগাছিয়াৰ এজন চিকিৎসক আৰু শ্বেইখ আব্দুল হালিমে সাহসিকতাৰে অগ্নিনিৰ্বাপন কৰাত চিকিৎসালয়খন এক ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বুলি জানিব পৰা গৈছে। আনহাতে, চিকিৎসালয়খনত অগ্নিকাণ্ডৰ ধোঁৱাই ছানি ধৰাৰ পিছতো ফায়াৰ এলাৰ্ম কিয় বজা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৰোগীৰ অভিভাৱকে।
নাৰ্ছৰ কোঠাৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে কেনেকৈ আৰু কি কাৰণত অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰে চিকিৎসালয়ৰ অধীক্ষক ডাঃ নজিৰুল ইছলামে।
- First Published :