তেজপুৰ ‘ৰত্নাকৰ’ চলি থকাৰ সময়তে হঠাৎ হুলস্থূল, ছবিগৃহ এৰি ৰাজপথ পালেহি দৰ্শক, কিয়?

আতংকিত দৰ্শকসকলে ছবিগৃহ এৰি লৰালৰিকৈ তললৈ নামি আহে।

News18-Assam
Updated:October 27, 2019, 1:14 PM IST
তেজপুৰ ‘ৰত্নাকৰ’ চলি থকাৰ সময়তে হঠাৎ হুলস্থূল, ছবিগৃহ এৰি ৰাজপথ পালেহি দৰ্শক, কিয়?
আতংকিত দৰ্শকসকলে ছবিগৃহ এৰি লৰালৰিকৈ তললৈ নামি আহে।
News18-Assam
Updated: October 27, 2019, 1:14 PM IST
তেজপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল হোটেল ছেফৰন, আই এম পি চিনেমা হল আৰু ৰিলায়েঞ্চ ট্ৰেণ্ডছ শ্ব’পিং মল। হোটেল ছেফৰনৰ পাকঘৰত জুইৰ সূত্ৰপাত হোৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বৈদ্যুতিক চিমনিৰ পৰা সূত্ৰপাত ঘটে জুইৰ। অগ্নিকাণ্ডৰ সময়ত কাষতে থকা আই এম পি হলত চলি আছিল যতীন বৰাৰ ছবি ‘ৰত্নাকৰ’। আতংকিত দৰ্শকসকলে ছবিগৃহ এৰি লৰালৰিকৈ তললৈ নামি আহে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীৰ সহায়ত নিৰ্বাপন কৰা হয় জুই। ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি