নাহৰকটীয়াৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল পথাৰৰ সোণগুটি

News18 Assam | News18-Assam
Updated:December 2, 2020, 6:29 PM IST
নাহৰকটীয়াৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল পথাৰৰ সোণগুটি
এই অগ্নিকাণ্ডৰ ফলত কৃষকে বছৰটোৰ বাবে গোটোৱা সমগ্ৰ ধান জুইত জাহ যায়।

এই অগ্নিকাণ্ডৰ ফলত কৃষকে বছৰটোৰ বাবে গোটোৱা সমগ্ৰ ধান জুইত জাহ যায়।

  • Share this:
নাহৰকটীয়াৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড। এফালৰ পৰা জ্বলি শেষ হ’ল বহু বিঘা পকা ধান। উল্লেখযোগ্য যে যোৱা কেইমাহমানৰ পূৰ্বে জয়পুৰৰ পৰা দুলীয়াজান সংযোগী মূল পাইপডাল ফাটি জয়পুৰৰ নগা পথাৰ খাৰুৱা তেলেৰে ভৰি পৰিছিল। কিন্তু অইল ইণ্ডিয়াই পথাৰৰ পৰা খাৰুৱা তেলসমূহ উঠাই নিয়াত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ বাবে পথাৰত দাৱনীয়ে ধান কাটি থকা অৱস্থাত হঠাতে জ্বলি উঠে সমগ্ৰ পথাৰ। ইফালে এই অগ্নিকাণ্ডৰ ফলত কৃষকে বছৰটোৰ বাবে গোটোৱা সমগ্ৰ ধান জুইত জাহ যায়। অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
Published by: Sanjay Kumar Das
First published: December 2, 2020, 6:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি