உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জুই জ্বলিছে, জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে তৃণভূমি

    Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জুই জ্বলিছে, জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে তৃণভূমি

    কাজিৰঙাত জুই!

    কাজিৰঙাত জুই!

    Kaziranga National Park: বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ খণ্ড খণ্ডকৈ আৰু প্ৰণালীবদ্ধভাৱে অগ্নি সংযোগ কৰা হয়৷

    • Share this:
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত জুই জ্বলিছে৷ জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি৷ প্ৰকৃততে প্ৰতিবছৰে ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যানখনত এনেদৰে কৰা হয় কণ্ট্ৰ'ল বাৰ্ণিং (Control Burning)৷ কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহ-বন ৷ যিহেতু ওখ ঘাঁহ বন বন্যজন্তুৰ খাদ্যৰ অনুপযোগী হোৱাৰ লগতে তাৰ মাজত গা কৰি উঠা কাঠনিয়ে তৃণভূমি সংৰক্ষণত বাধাৰ সৃষ্টি কৰে৷সেয়েহে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰে এই প্ৰক্ৰিয়া চলাই আহিছে৷ যাতে নতুন ঘাঁহ-বন সহজে গজি উঠিব পাৰে৷

    অৱশ্যে এই সময়ত বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ খণ্ড খণ্ডকৈ আৰু প্ৰণালীবদ্ধভাৱে অগ্নি সংযোগ কৰা হয়৷ উদ্যানখনৰ গৱেষণা বিষয়া ৰবীন শৰ্মাৰ মতে এই সময়ছোৱাত বন্যপ্ৰাণীৰ অসুবিধাৰ সৃষ্টি হ’লেও নিৰাপদ স্থানলৈ সিহঁতে গতি কৰে।বিষয়াগৰাকীয়ে কণ্ট্ৰ'ল  বাৰ্ণিঙৰ প্ৰয়োজনীয়তাৰ লগতে কেনেকৈ ৰাষ্ট্ৰীয় উদ্যানত এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই সম্পৰ্কতো মত আগবঢ়ায়।

    আনহাতে কণ্ট্ৰ'ল বাৰ্ণিঙৰ পিছত ওখ ঘাঁহ-বন নোহোৱাৰ ফলত বন্যপ্ৰাণী অধিক দৃশ্যমান হয় ফলত ৰাষ্ট্ৰীয় উদ্যানখনলৈ এই সময়ছোৱাত যথেষ্ট পৰ্যটকৰ আগমন হয়। পৰ্যটনৰ দৃষ্টিৰেও কণ্ট্ৰ'ল বাৰ্ণিঙৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি কয় গৱেষণা বিষয়া ৰবিন শৰ্মাই।
    Published by:Manjumoni Borah
    First published: