নাজিৰাৰ এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত হঠাৎ জুই, চাৰিওফালে হাহাকাৰ

News18 Assam | News18-Assam
Updated:November 22, 2020, 8:53 AM IST
নাজিৰাৰ এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত হঠাৎ জুই, চাৰিওফালে হাহাকাৰ
স্থানীয় ৰাইজে লগে লগে নাজিৰা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ততালিকে কাৰ্যালয়টোত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

স্থানীয় ৰাইজে লগে লগে নাজিৰা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ততালিকে কাৰ্যালয়টোত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

  • Share this:
নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শনিবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ নাজিৰা নগৰৰ ষ্টেচন তিনিআলিত অৱস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত আকস্মিকভাৱে সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। সন্ধিয়া ঠিক  ৭ মান বজাত কাৰ্যালয়টোৰ মণ্ডলৰ কোঠাৰ কাষতে আকস্মিকভাৱে দপদপাই জ্বলি উঠাত হুৱাদুৱা লাগে। স্থানীয় ৰাইজে লগে লগে নাজিৰা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ততালিকে কাৰ্যালয়টোত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কাৰ্যালয়টোৰ নথিপত্ৰ  ক্ষয়–ক্ষতি হোৱাৰপৰা  ৰক্ষা পৰে।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading