News18 AssamNews18 Assam
|
News18-Assam Updated:November 9, 2020, 4:13 PM IST
তিনিখনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
তিনিখনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
মহানগৰীৰ পাথৰকুৱেৰীত অগ্নিকাণ্ডৰ ঘটনা। পাথৰকুৱেৰীস্থিত A1 কম্পিউটাৰ এণ্ড ইলেকট্ৰনিকছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হয় জুইৰ। ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ হৈ থকা অৱস্থাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত প্ৰতিষ্ঠানখনত থকা কেইবালক্ষাধিক টকাৰ কম্পিউটাৰৰ লগতে অন্যান্য সা–সামগ্ৰী ভস্মীভূত হয়। ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
Published by:
Sanjay Kumar Das
First published:
November 9, 2020, 4:13 PM IST