অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ ICUত অগ্নিকাণ্ড, এটি নৱজাতকৰ মৃত্যু

ঘটনাৰ লগে লগে চিকিৎসালখনৰ বিজুলী সংযোগ বিছিন্ন কৰি দিয়াত অন্ধকাৰত কেইবাজনো ৰোগী আঘাতপ্ৰাপ্ত হয়।
ঘটনাৰ লগে লগে চিকিৎসালখনৰ বিজুলী সংযোগ বিছিন্ন কৰি দিয়াত অন্ধকাৰত কেইবাজনো ৰোগী আঘাতপ্ৰাপ্ত হয়।
- News18 Assam
- Last Updated: November 9, 2020, 12:42 PM IST
অগ্নিকাণ্ডৰ লগে লগে শতাধিক ৰোগী চিকিৎসালয়খনৰ বাহিৰলৈ দৌৰি ওলাই আহে। চতুৰ্থ, তৃতীয়, দ্বিতীয় মহলাত থকা প্ৰসূতি আনকি কেইঘণ্টামান পূৰ্বে জন্ম হোৱা শিশুকো কোলাত লৈ চিকিৎসালয়খনৰ বাহিৰলৈ ওলাই আহে ৰোগী আৰু অভিভাৱকে।
ঘটনাৰ লগে লগে চিকিৎসালখনৰ বিজুলী সংযোগ বিছিন্ন কৰি দিয়াত অন্ধকাৰত কেইবাজনো ৰোগী আঘাতপ্ৰাপ্ত হয়। ইফালে বিজুলী সংযোগ বিছিন্ন হৈ যোৱাত ভেণ্টিলেচনত থকা এটি সদ্যোজাতৰ মৃত্যু হয়। চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অৱশ্যে ক্ষিপ্ৰতাৰে জুই নিৰ্বাপিত কৰা হয়।