নগাঁৱৰ দন্ত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই?

News18 Assam | News18-Assam
Updated:August 9, 2020, 2:24 PM IST
নগাঁৱৰ দন্ত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই?
কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে নিশ্চিত হ'ব পৰা নাই।

কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে নিশ্চিত হ'ব পৰা নাই।

  • Share this:
নগাঁও চহৰৰ হয়বৰগাঁৱৰ ডি ডি কমাৰ্চিয়েল নামৰ এখন ব্যক্তিগত দন্ত চিকিৎসালয়ত পুৱাই সংঘটিত হয় অগ্নিকাণ্ড। চহৰখনৰ এছএমএছ ৰোডত থকা চিকিৎসালয়খনত সংঘটিত এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। প্ৰথম অৱস্থাত স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে আহি জুই নিৰ্বাপন কৰে। এই অগ্নিকাণ্ডত প্ৰতিষ্ঠানখনৰ লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তি বিনষ্ট হয়। ঘটনাটোৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে হয়বৰগাঁও আৰক্ষীৰ এটা দল প্ৰতিষ্ঠানখনত উপস্থিত হৈ অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও  বৰ্তমানলৈকে কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে নিশ্চিত হ'ব পৰা নাই।
Published by: Sanjay Kumar Das
First published: August 9, 2020, 2:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি