বাছখনৰ চালক আৰু পৰিচালকে স্থানীয় ৰাইজৰ সহযোগত জুই নমুৱাবলৈ সক্ষম হয়৷
বাছখনৰ চালক আৰু পৰিচালকে স্থানীয় ৰাইজৰ সহযোগত জুই নমুৱাবলৈ সক্ষম হয়৷
নগাঁও জিলাৰ বেবেজীয়াত মঙলবাৰে সন্ধিয়া এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাইজৰ তৎপৰতাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে এখন নৈশ বাছ৷ উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া ৭ মান বজাত গুৱাহাটীৰ পৰা তিনিচুকীয়াৰ জাগুনলৈ আহি আছিল এ এছ-০১-এফ চি ৮১৪৩ নম্বৰৰ বাছখন৷ বেবেজীয়া চাৰিআলিত বাছখনৰ তলৰ ফালে সন্মুখত জুই দেখি স্থানীয় কেইবাজনো লোকে চিঞৰ-বাখৰ কৰে৷ আতংকিত হয় সকলো। বাছখনৰ পৰা লগে লগে যাত্ৰী সকলক নমাই অনা হয়। পিছত বাছখনৰ চালক আৰু পৰিচালকে স্থানীয় ৰাইজৰ সহযোগত জুই নমুৱাবলৈ সক্ষম হয়৷
আচলতে বাছখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে ইঞ্জিনৰ পৰা জুই ওলাইছিল৷ পিছে ৰাইজৰ তৎপৰতাৰ বাবেই নৈশ বাছখন এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। বাছখনত আছিল অৰ্ধশতাধিক যাত্ৰী। পৰৱৰ্তী সময়ত নৈশ বাছখনৰ যাত্ৰীসকলক বেবেজীয়া আৰক্ষীয়ে অন্য নৈশবাছত উঠায় দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|