দুমহলীয়া ঘৰটোৰ প্ৰথমতে এটা ভাৰাঘৰত জুই জ্বলে । মুহূৰ্ততে এটি কাপোৰৰ গুডামৰ লগতে আন চাৰিটা ঘৰত জুয়ে চানি ধৰে ।
দুমহলীয়া ঘৰটোৰ প্ৰথমতে এটা ভাৰাঘৰত জুই জ্বলে । মুহূৰ্ততে এটি কাপোৰৰ গুডামৰ লগতে আন চাৰিটা ঘৰত জুয়ে চানি ধৰে ।
দীপাৱালীৰ (Dipawali 2021 ) আনন্দ-উল্লাসৰ মাজতে বৃহস্পতিবাৰে নিশা ৰঙিয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাৰাঘৰত এই অগ্নিকাণ্ডৰ ঘটনা। কাপোৰৰ গুডামৰ লগতে কেবাটাও গৃহ জুইত জ্বলি ভস্মীভূত হয় ।
ফটকাৰ জুইৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি বিনষ্ট হয় । দুমহলীয়া ঘৰটোৰ প্ৰথমতে এটা ভাৰাঘৰত জুই জ্বলে । মুহূৰ্ততে এটি কাপোৰৰ গুডামৰ লগতে আন চাৰিটা ঘৰত জুয়ে চানি ধৰে । লগে লগে দপদপাই জ্বলি উঠে ঘৰ কেইটা । এই অগ্নিকাণ্ডৰ বাবে অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় । ঘৰটোৰ সমীপতে লাগি থকা আন এটা কোঠালৈ জুই বিয়পি যোৱাত কোঠাটোত আবদ্ধ হৈ থকা ব্যক্তি সকলক ৰাইজে উদ্ধাৰ কৰে ।
ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ অহাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে উত্তেজিত একাংশ লোকে তৰ্ক যুদ্ধত লিপ্ত হয় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|