মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Fire in Transformer : লংকাত পথৰ দাঁতিত হঠাৎ জ্বলি উঠিল শক্তি বিভাগৰ ট্ৰান্সফৰ্মাৰ, কেনেকৈ নিৰ্বাপিত হ'ল জুই

Fire in Transformer : লংকাত পথৰ দাঁতিত হঠাৎ জ্বলি উঠিল শক্তি বিভাগৰ ট্ৰান্সফৰ্মাৰ, কেনেকৈ নিৰ্বাপিত হ'ল জুই

News18 Assam | News18-Assam
Updated:August 8, 2021, 8:47 PM IST
Fire in Transformer : লংকাত পথৰ দাঁতিত হঠাৎ জ্বলি উঠিল শক্তি বিভাগৰ ট্ৰান্সফৰ্মাৰ, কেনেকৈ নিৰ্বাপিত হ'ল জুই
লংকাত ৪ নং ৱাৰ্ড ষ্টেছন ৰোডৰ ট্ৰেন্সফৰ্মাৰত সংঘটিত হয় অগ্নিকাণ্ড।

লংকাত ৪ নং ৱাৰ্ড ষ্টেছন ৰোডৰ ট্ৰেন্সফৰ্মাৰত সংঘটিত হয় অগ্নিকাণ্ড।

  • Share this:
লংকাত চাৰি নং ৱাৰ্ড ষ্টেছন ৰোডৰ ট্ৰেন্সফৰ্মাৰত সংঘটিত হয় অগ্নিকাণ্ড। দেওবাৰে আবেলি  ৰাজপথৰ দাঁতিত অৱস্থিত শক্তি বিভাগৰ ট্ৰেন্সফৰ্মাৰত জুইৰ সূত্ৰপাত ঘটি দাওদাওকৈ জ্বলি উঠাত পথচাৰীৰ মাজত সৃষ্টি  হয় আতংকৰ। সৌভাগ্যক্ৰমে এই ঘটনাৰ পৰা কোনো ডাঙৰ ক্ষতি হোৱা নাই।

লক্ষণীয় যে বিদ্যুৎ সংযোগ হৈ থকা ট্ৰেন্সফৰ্মাৰত আকষ্মিকভাৱে  জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও উক্ত অগ্নিকাণ্ডৰ ফলত ট্ৰেন্সফৰ্মাৰটোৰ ক্ষতিসাধন হয় । পৰৱৰ্তী সময়ত অগ্নিনিবাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে  জুই ।

যান্ত্ৰিক বিজুতিৰ ফলতেই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে।
Published by: Manjumoni Borah
First published: August 8, 2021, 8:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি